নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ হ’ব ৰুছ–ভাৰতৰ সম্পর্ক সুদৃঢ় কৰাৰ বর্ষ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ২০২১ বর্ষটো হ’ব ভাৰত–ৰাছিয়াৰ মৈত্রী আৰু সহযোগিতা শক্তিশালী কৰাৰ অন্যতম বর্ষ৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে নৱবর্ষৰ প্রাক্ক্ষণত এই কথা ঘোষণা কৰিছে৷ পুটিনে উল্লেখ কৰিছে যে বিভিন্ন বিষয়ত মস্কো আৰু দিল্লী প্রশাসনে সহযোগিতাৰে মোকাবিলা কৰিব৷ ইয়াৰ উপৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা বর্ষটোত অধিক শক্তিশালী কৰিবলৈ প্রচেষ্টা চলাই যাব ৰাছিয়া তথা ভাৰতে৷ অকল আঞ্চলিক বিষয়তে নহয়, গোলকীয় বিভিন্ন বিষয়ৰ ওপৰতো দেশ দুখনৰ সহমত থাকিব৷

ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ বৰদিন তথা নৱবর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে কৌশলপূর্ণ অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্রত ৰাছিয়া আৰু ভাৰতে পূর্বৰ দৰে ঐক্যবদ্ধভাৱে কাম কৰি যাব৷ ক’ভিড–১৯ মহামাৰীৰ বাবে ২০২০ বর্ষটোত দুয়োখন দেশ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও দ্বিপাক্ষিক সম্পর্ক সদায় সঠিক দিশেৰে আগবাঢ়ি থকা বুলি উল্লেখ কৰিছে পুটিনে৷

You might also like