নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থান বিজেপিলৈ, ২ ৰাজ্যত কংগ্রেছৰে তীব্র যুঁজ

🔹 লোকসভাৰ ছেমিফাইনেল– ৫ ৰাজ্যৰ এগ্জিট প’ল

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : ২০২৪ৰ লোকসভা নির্বাচনৰ ছেমিফাইনেল হিচাপে ঘোষিত মধ্যপ্রদেশ, ছত্তিশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰাম বিধানসভা নির্বাচনৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পিছত কালি বিভিন্ন সংবাদ সংস্থাৰ এগ্জিট প’লত দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে মধ্যপ্রদেশ আৰু ৰাজস্থানত শীর্ষস্থানত থাকিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, ছত্তিশগড়ত কংগ্রেছে পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে তেলেংগানাত দলটোৱে শাসকীয় বিআৰএছক তীব্র প্রত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে৷ ইফালে, মিজোৰামত শাসকীয় এমএনএফৰ বিপৰীতে নৱগঠিত জেডপিএম দলে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷ বিভিন্ন সংবাদ সংস্থাৰ এগ্জিট প’লত মধ্যপ্রদেশ আৰু ৰাজস্থানত বিজেপিয়ে ক্ষমতা দখল কৰিব বুলি ইংগিত দিয়া হৈছে৷ কংগ্রেছশাসিত ৰাজস্থান পাঁচ বছৰ পিছত পুনৰ বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা প্রকট হৈছে এই বিধানসভা নির্বাচনত৷ অর্থাৎ আগন্তুক লোকসভা নির্বাচনৰ পূর্বৰ এই ছেমিফাইনেল বুলি বিভিন্ন মহলে অভিহিত কৰাৰ পিছত ইয়াৰ ফলাফলে লোকসভা নির্বাচনো প্রতিদ্বন্দ্বিতাপূর্ণ কৰি তুলিব বুলি ধাৰণা কৰা হৈছে৷ কালি তেলেংগানাত ভোটগ্রহণ সম্পন্ন হোৱাৰ পিছতে পাঁচোখন ৰাজ্যক লৈ এগ্জিট প’ল প্রকাশ কৰে সংবাদ সংস্থাসমূহে৷ এই সংবাদ সংস্থাসমূহৰ এগ্জিট প’ল অনুসৰি ৰাজস্থানত কংগ্রেছক ওফৰাই বিজেপিয়ে ক্ষমতা দখল কৰিব৷ ৰাজস্থানক লৈ জন কী বাতৰ এগ্জিট প’লত বিজেপিয়ে ১০০ৰ পৰা ১২২খন আসন দখল কৰি ক্ষমতালৈ আহিব বুলি ইংগিত দিছে৷ ইফালে, সংবাদ সংস্থাটোৰ এগ্জিট প’ল অনুসৰি কংগ্রেছে ৰাজ্যখনত ৬২ৰ পৰা ৮৫খন আসন লাভ কৰিব৷ জন কী বাত–এ অন্যান্য দলসমূহক আসন দিছে ১৪ৰ পৰা ১৫খন৷ টাইমছ নাও ইটিজিৰ মতে, ৰাজ্যখনত বিজেপিয়ে ১০৮ৰ পৰা ১২৮খন আসন লাভ কৰিব৷ সেইদৰে কংগ্রেছে লাভ কৰিব ৫৬ৰ পৰা ৭২খন আসন৷ অন্যান্য দলসমূহে লাভ কৰিব পাৰে ১৩ৰ পৰা ২১খন আসন৷ টিভি–৯ ভাৰতবর্ষৰ এগ্জিট প’ল অনুসৰি বিজেপিয়ে ৰাজস্থানত ১০০ৰ পৰা ১১০খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৯০ৰ পৰা ১০০খন আসন লাভ কৰিব৷ সংবাদ সংস্থাটোৰ মতে, অন্যান্য দলসমূহে ৰাজস্থানত ৫ৰ পৰা ১৫খন আসন লাভ কৰিব পাৰে৷ দৈনিক ভাস্কৰৰ মতে ৯৮ৰ পৰা ১০৫খন বিজেপিয়ে লাভ কৰিব৷ ইয়াৰ বিপৰীতে কংগ্রেছে লাভ কৰিব ৮৫ৰ পৰা ৯৫খন৷ অন্যান্য দলসমূহে পাব পাৰে ১০ৰ পৰা ১৫খন আসন৷ ইফালে, পিএমএআৰকিউৰ এগ্জিট প’ল অনুসৰি বিজেপিয়ে ৰাজস্থানত ১০৫ৰ পৰা সর্বাধিক ১২৫খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৬৯ৰ পৰা ৮১খন আসন লাভ কৰিব৷ আনফালে, অন্যান্য দলসমূহে লাভ কৰিব ৫ৰ পৰা ১৫খন আসন৷ চিএনএন–নিউজ১৮ৰ মতে বিজেপিয়ে ৰাজস্থানত ১১১খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে পাব ৭৪খন আৰু অন্যান্য দলসমূহে ১৪খন আসন৷ সেইদৰে স্বত্বাবাজাৰে ৰাজস্থানত বিজেপিয়ে ১১৫খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৬৮খন পাব বুলি এগ্জিট প’লত দেখুৱাইছে৷ ৫ ৰাজ্যৰ নির্বাচনৰ ভিতৰত হাইভল্টেজ বুলি ধৰা হৈছে মধ্যপ্রদেশক৷ মধ্যপ্রদেশত জন কী বাতৰ মতে বিজেপিয়ে ১০০ৰ পৰা ১২৩খন আসন লাভ কৰিব৷ কংগ্রেছে ১০২ৰ পৰা ১২৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ সংস্থাটোৰ মতে, অন্যান্য দলে লাভ কৰিব পাৰে পাঁচখন আসন৷ ৰিপাব্লিক টিভি–মেটৰিছৰ মতে, ৰাজ্যখনত বিজেপিয়ে ১১৮ৰ পৰা ১৩০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ ইফালে, কংগ্রেছে লাভ কৰিব ৯৭ৰ পৰা সর্বাধিক ১০৭খন৷ অন্যান্য দলে লাভ কৰিব পাৰে দুখন আসন৷ টিভি–৯ ভাৰতবর্ষ পোলষ্টাৰৰ মতে, মধ্যপ্রদেশত কংগ্রেছ আৰু বিজেপিৰ তীব্র প্রতিদ্বন্দ্বিতা হ’ব৷ বিজেপিয়ে ৰাজ্যখনত ১০৬ৰ পৰা ১১৬খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে লাভ কৰিব ১১১ৰ পৰা ১২১খন আসন৷ ইফালে, অন্যান্য দলসমূহে লাভ কৰিব পাৰে ৬খন আসন৷ টুডেইজ চাণক্যৰ মতে, বিজেপিয়ে মধ্যপ্রদেশত সর্বাধিক ১৫১খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে পাব ৭৪খন আসন৷ অন্যান্য দলসমূহে পাঁচখন আসন পোৱাৰ সম্ভাৱনা আছে৷ দৈনিক ভাস্কৰৰ মতে, মধ্যপ্রদেশত বিজেপিয়ে ৯৫ৰ পৰা ১১৫খন আসন পাব পাৰে৷ ইফালে, কংগ্রেছে লাভ কৰিব পাৰে ১০৫ৰ পৰা ১২০খন আসন৷ ছত্তিশগড়ত কংগ্রেছে বিভিন্ন সংস্থাৰ এগ্জিট প’ল অনুসৰি ক্ষমতা অক্ষত ৰাখিবলৈ সক্ষম হ’ব৷ এবিপি নিউজ–চি ভোটাৰৰ এগ্জিট প’ল অনুসৰি ৰাজ্যখনত বিজেপিয়ে ৩৬ৰ পৰা ৪৮খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৪১ৰ পৰা ৫৩খন আসন লাভ কৰিব পাৰে৷ দুয়োটা সংস্থাৰ মতে, অন্যান্য দলে লাভ কৰিব চাৰিখন আসন৷ ইণ্ডিয়া টুডে–এক্সিছ বাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি ছত্তিশগড়ত বিজেপিয়ে ৩৬ৰ পৰা ৪৬খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪০ৰ পৰা ৫০খন আসন লাভ কৰিব৷ ইণ্ডিয়া টিভি–চিএনএক্সৰ মতে, ছত্তিশগড়ত বিজেপিয়ে ৩০ৰ পৰা ৪০খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৩৪ৰ পৰা ৪৬খন আসন লাভ কৰিব পাৰে৷ অন্যান্য দলৰ হাতলৈ যাব পাৰে ৩ৰ পৰা ৫খন আসন৷ জন কী বাতৰ সমীক্ষা অনুসৰি বিজেপিয়ে ছত্তিশগড়ত ৩৪ৰ পৰা ৪৫খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে লাভ কৰিব ৪২ৰ পৰা ৫৩খন আসন৷ ইফালে, নিউজ–২৪ আৰু টুডেইজ চাণক্যৰ মতে, বিজেপিয়ে ৰাজ্যখনত ৩৩খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৫৭খন আসন লাভ কৰিব৷ ৰিপাব্লিক টিভি–মেটৰিজৰ মতে, বিজেপিয়ে ছত্তিশগড়ত ৩৪ৰ পৰা ৪২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৪ৰ পৰা ৫২খন আসন লাভ কৰিব পাৰে৷ এই সংস্থা দুটাৰ মতে অন্যান্য দলৰ হাতলৈ যাব পাৰে দুখন আসন৷ ইফালে, টিভি৯ ভাৰতবর্ষ পোলষ্টাৰৰ মতে, ছত্তিশগড়ত বিজেপিয়ে ৩৪ৰ পৰা ৪৫খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪০ৰ পৰা ৫০খন আসন লাভ কৰিব৷ অন্যান্য দলে লাভ কৰিব পাৰে তিনিখন আসন৷ মিজোৰামত ইণ্ডিয়া টিভি–চিএনএক্সৰ মতে, এমএনএফে লাভ কৰিব ১৪ৰ পৰা ১৮খন আসন৷ জেডপিএমে লাভ কৰিব পাৰে ১২ৰ পৰা ১৬খন আসন৷ ৰাজ্যখনত বিজেপিয়ে দুখন আসন পোৱাৰ বিপৰীতে কংগ্রেছে সর্বাধিক ১০খন আসন পাব পাৰে বুলি সংবাদ সংস্থা দুটাই ইংগিত দিছে৷ জন কী বাতৰ মতে, মিজোৰামত এমএনএফে ১০ৰ পৰা ১৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে নৱগঠিত জেডপিএমে ১৫ৰ পৰা ২৫খন আসন লাভ কৰিব পাৰে৷ বিজেপিয়ে দুখন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৫ৰ পৰা ৯খন আসন পোৱাৰ সম্ভাৱনা আছে বুলি জন কী বাতৰ এগ্জিট প’লত দেখুওৱা হৈছে৷ ইফালে, প’লছ অৱ প’লছৰ সমীক্ষা অনুসৰি ৰাজ্যখনত এমএনএফে ১৪খন আসন পোৱাৰ বিপৰীতে জেডপিএমে লাভ কৰিব ১৭খন আসন৷ আনফালে, বিজেপিয়ে এখন আৰু কংগ্রেছে ৮খন আসন লাভ কৰিব৷ এবিপি–চি ভোটাৰৰ সমীক্ষা অনুসৰি এমএনএফে ৰাজ্যখনত ১৫ৰ পৰা ২১খন আসন লাভ কৰাৰ বিপৰীতে জেডপিএমে ১২ৰ পৰা ১৮খন আসন লাভ কৰিব৷ বিজেপিয়ে এই সংস্থা দুটাৰ সমীক্ষা অনুসৰি এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ব৷ ইয়াৰ বিপৰীতে কংগ্রেছে দুখনৰ পৰা ৮খন আসন লাভ কৰিবলৈ সক্ষম হ’ব পাৰে৷ কালি ভোটগ্রহণ সম্পন্ন হোৱা তেলেংগানাক লৈ আগবঢ়োৱা সমীক্ষা অনুসৰি ৰাজ্যখনত শাসকীয় বিআৰএছ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ ইণ্ডিয়া টিভি–চিএনএক্সৰ সমীক্ষা অনুসৰি বিআৰএছে ৰাজ্যখনত ৩১ৰ পৰা ৪৭খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে লাভ কৰিব ৬৩ৰ পৰা ৭৯খন আসন৷ বিজেপিয়ে দুখনৰ পৰা চাৰিখন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এআইএমআইএমে ৫ৰ পৰা ৭খন আসন লাভ কৰিব৷ জন কী বাতৰ সমীক্ষা অনুসৰি বিআৰএছে ৰাজ্যখনত ৪০ৰ পৰা ৫৫খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৮ৰ পৰা ৬৪খন আসন লাভ কৰিব৷ ইফালে, বিজেপিয়ে ৭ৰ পৰা ১৩খন আসন লাভ কৰাৰ সম্ভাৱনা থকা বুলি জন কী বাতৰ সমীক্ষাত উল্লেখ কৰা হৈছে৷ সংস্থাটোৰ মতে, ওৱেইছিৰ নেতৃত্বাধীন এআইএমআইএমে ৰাজ্যখনত লাভ কৰিব ৪ৰ পৰা ৭খন আসন৷ চাণক্য ষ্ট্রেটেজিছৰ সমীক্ষা অনুসৰি বিআৰএছে ৰাজ্যখনত লাভ কৰিব ২২ৰ পৰা ৩১খন আসন৷ কংগ্রেছে ৬৭ৰ পৰা ৭৮খন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইফালে, বিজেপিয়ে ৬ৰ পৰা ৯খন আসন লাভ কৰাৰ বিপৰীতে এআইএমআইএমে ৬ৰ পৰা ৭খন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ টাইমছ নাওৰ সমীক্ষা অনুসৰি বিআৰএছে ৬৬খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে ৰাজ্যখনত লাভ কৰিব ৩৭খন আসন৷ টাইমছ নাওৰ মতে, ৰাজ্যখনত বিজেপিয়ে ৭খন আসন লাভ কৰিব৷ ইফালে, ১০ টিভিৰ সমীক্ষা অনুসৰি তেলেংগানাত কংগ্রেছে ৩৮, বিজেপিয়ে ৫, বিআৰএছে ৬৮ আৰু এআইএমআইএমে ৭খন আসন লাভ কৰিব৷ চিএনএনৰ সমীক্ষা অনুসৰি বিআৰএছে ৰাজ্যখনত ৪৮খন আসন পোৱাৰ বিপৰীতে কংগ্রেছে লাভ কৰিব ৫৬খন আসন৷ বিজেপিয়ে ১০খন আসন পোৱাৰ বিপৰীতে এআইএমআইএমে লাভ কৰিব পাৰে ৫খন আসন৷

You might also like