মস্কোত ৰাজনাথ সিং, দ্বিতীয় বিশ্বযুদ্ধৰ বিজয়োৎসৱত অংশগ্রহণ কৰি গর্বিত
বিজয় দিৱসৰ কুচকাৱাজত ভাৰতৰ তিনি সশস্ত্র বাহিনী
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ৰাছিয়াৰ ৰাজধানী মস্কোত নাজীৰ বিৰুদ্ধে দ্বিতীয় বিশ্বযুদ্ধৰ ৭৫ বছৰীয়া বিজয় দিৱসৰ কালি ঐতিহাসিক কুচকাৱাজত ভাৰতীয় তিনিওটা সশস্ত্র বাহিনীৰ বিভিন্ন পদবীৰ ৭৫গৰাকী বিষয়াই অংশগ্রহণ কৰা মুহূর্ত প্রত্যক্ষ কৰি অভিভূত হৈ পৰে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং৷
ৰেড স্কোৱেৰত আয়োজন কৰা এই বিজয় দিৱসৰ কুচকাৱাজত ৰাছিয়া–চীনসহ ১৭খন দেশৰ সশস্ত্র বাহিনীৰ সৈতে অংশগ্রহণ কৰে ভাৰতৰ তিনিওটা বাহিনীয়ে৷ উল্লেখনীয় যে এই বিজয় দিৱসত অংশগ্রহণ কৰাৰ বাবে তিনিদিনীয়া ভ্রমণসূচীৰে ৰাছিয়াত উপস্থিত হৈছিল প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং৷
প্রতিৰক্ষামন্ত্রীগৰাকীয়ে বিশ্বযুদ্ধ বিজয়ৰ ৭৫ বছৰীয়া ঐতিহাসিক কুচকাৱাজ প্রত্যক্ষ কৰি কয় যে মস্কোত ভাৰতীয় তিনিওটা বাহিনীৰ অংশগ্রহণে তেওঁক গর্বিত কৰিছে৷ উল্লেখনীয় যে দ্বিতীয় বিশ্বযুদ্ধত ব্রিটিছ ভাৰতীয় সশস্ত্র বাহিনীয়ে অংশগ্রহণ কৰি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ এই যুদ্ধত ৮৭ হাজাৰ ভাৰতীয় সেনা জোৱান তথা কর্মীৰ প্রাণ হানি হৈছিল৷ আনফালে আহত হৈছিল ৩৪,৩৫৪গৰাকী৷
উল্লেখনীয় যে ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি বিস্তাৰ লাভ কৰাৰ পাছত প্রথমটো বিদেশ ভ্রমণসূচী লৈ মস্কোত উপস্থিত হোৱা জ্যেষ্ঠ ভাৰতীয় নেতা হৈছে ৰাজনাথ সিং৷ ৰাজনাথ সিঙে এই ঐতিহাসিক কার্যসূচীত অংশগ্রহণ কৰাৰ পাছতে ৰাছিয়াৰ উপ–প্রধানমন্ত্রী য়ুৰি বৰিছভৰ সৈতে মিলিত হৈ দুই দেশৰ প্রতিৰক্ষা সহযোগিতাৰ বিষয় সন্দর্ভত আলোচনা কৰে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে ৰাজনাথ সিঙে ভাৰত–আমেৰিকাই বিশেষ তথা কৌশলগত সহযোগিতাৰ উপৰি প্রতিৰক্ষাৰ ক্ষেত্রত মধুৰ সম্পর্ক ৰক্ষা কৰি চলিছে বুলিও উল্লেখ কৰে৷