নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰমাণৱিক অস্ত্রৰে হ’ব অতি ধ্বংসাত্মক তৃতীয় মহাযুদ্ধ!

নিয়মীয়া বাৰ্তা, ৩ মার্চঃ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই ক্ষণে ক্ষণে তৃতীয় বিশ্বযুদ্ধৰ শংকা ঘনীভূত কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞাক অৱজ্ঞা কৰি যুদ্ধ অধিক বিধ্বংসী কৰি তোলা ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ আগ্রাসী নীতিয়ে তৃতীয় বিশ্বযুদ্ধৰ দিশে আগবঢ়াই নিছে৷ এই তৃতীয় বিশ্বযুদ্ধ হ’লেই ই যে পাৰমাণৱিক যুদ্ধ হৈ পৰিব, সেয়াও প্রায় নিশ্চিত হৈ পৰিছে৷ ফ্রান্সে প্রথমে নাটোৰ হাতত পাৰমাণৱিক অস্ত্র থকা বুলি ৰাছিয়াক সকীয়নি দিয়াৰ পাছত ৰুছ ৰাষ্ট্রপতিয়েও তেওঁলোকৰ দেশে পাৰমাণৱিক অস্ত্রৰে আক্রমণৰ বাবে পিছহুঁহকি নাহে বুলি ঘোষণা কৰে৷ ইয়াৰ পাছতেই বিশ্বত এখন পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি পায়৷ পূর্বৰ ধাৰণা অনুযায়ী ৰাছিয়াই ইউক্রেইন দখল কৰিব নোৱাৰাৰ পৰিপ্রেক্ষিতত যুদ্ধখন দীঘলীয়া হৈ থকা বাবেই বিশ্ব সমুদায়ৰ মাজত এখন ভয়াৱহ যুদ্ধৰ ইংগিত দেখা দিছে৷ ৰুছ ৰাষ্ট্রপতিয়ে পাৰমাণৱিক অস্ত্র প্রয়োগৰ ইংগিত দিয়াৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি নাটোৰ সদস্য দেশে নিজৰ পাৰমাণৱিক অস্ত্র প্রয়োগৰ বাবে ৰণনীতি প্রস্তুত কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে ৰাছিয়াই পাৰমাণৱিক অস্ত্র প্রয়োগ কৰিলে তেওঁলোকেও একেই পদক্ষেপ লোৱাৰ হুংকাৰ দিছে৷ পাৰমাণৱিক অস্ত্র প্রয়োগৰ হুংকাৰ দিয়া ৰাষ্ট্রপতি বাইডেনে ইতিমধ্যে পাৰমাণৱিক অস্ত্র পৰিচালনা কৰা গোটক হাই এলার্ট জাৰি কৰিছে৷ আনকি ৰাছিয়াৰ পাৰমাণৱিক আক্রমণ প্রতিৰোধ কৰাৰ ক্ষেত্রতো পদক্ষেপ লোৱাৰ বাবে সাজু হৈছে৷ এনে সময়তে ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছার্গেই লেভৰভে আজি পাৰমাণৱিক যুদ্ধৰ শংকা প্রকাশ কৰিছে৷ বৈদেশিক মন্ত্রীগৰাকীয়ে কয় যে যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেতিয়াহ’লে এই যুদ্ধ হ’ব পাৰমাণৱিক অস্ত্রৰ আৰু ই অতি ধ্বংসাত্মক হ’ব৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত বৈদিশক মন্ত্রীগৰাকীয়ে কয় যে যদি কিয়েভে পাৰমাণৱিক অস্ত্রৰ আশ্রয় লয়, তেতিয়াহ’লে ভয়াৱহ বিপদৰ সন্মুখীন হ’ব লাগিব৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে নিউক্লিয়াৰ অস্ত্র গোটৰ সৈতে আলোচনাত মিলিত হৈ ইতিমধ্যে সাজু হ’বলৈ নির্দেশ দিয়াৰ তথ্যও প্রকাশ পাইছে৷ আনপিনে পাৰমাণৱিক যুদ্ধৰ আশংকাৰ প্রতি লক্ষ্য ৰাখি ৰুছ ৰাষ্ট্রপতিৰ পৰিয়ালক ছাইবেৰিয়াৰ বাংকাৰত আশ্রয় দিয়া বুলি প্রকাশ পাইছে৷ ছাইবেৰিয়াস্থিত এই বাংকাৰ হৈছে পাৰমাণৱিক ধ্বংসলীলাৰ প্রতিৰোধী৷ ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে এই পাৰমাণৱিক যুদ্ধৰ শংকা ব্যক্ত কৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ইউক্রেইনৰ ওপৰত আক্রমণ কৰা ৰাছিয়াক সকীয়নি দিয়াৰ পাছতেই৷ মার্কিন ৰাষ্ট্রপতি বাইডেনে সংসদ আৰু দেশবাসীক সম্বোধন কৰি ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণ পূর্বনির্ধাৰিত আৰু অপ্রৰোচিত বুলি কয়৷ ৬২ মিনিটজোৰা ভাষণত ৰাষ্ট্রপতি বাইডেনে ইউক্রেইনবাসীয়ে ৰাছিয়াক যি শক্তিৰে প্রতিৰোধ কৰি আছে, তাক ভূয়সী প্রশংসা কৰে৷ ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণ গণতন্ত্রৰ বিৰুদ্ধে স্বেচ্ছাচাৰীৰ শাসন আখ্যা দি ৰাষ্ট্রপতি পুটিনক সতর্কবাণী দি বাইডেনে কয় যে কি পৰিণাম হ’বলৈ গৈ আছে, সেই বিষয়ে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ কোনো ধাৰণা নাই৷ ৰুছ সেনাক প্রতিৰোধ কৰি থকা ইউক্রেইনবাসীৰ শক্তিৰ প্রাচীৰক ভূয়সী প্রশংসা কৰা ৰাষ্ট্রপতি বাইডেনে ইউক্রেইনলৈ ১০০ কোটি মার্কিন ডলাৰৰ আর্থিক সাহায্য ঘোষণা কৰে৷ ইউক্রেইনবাসীৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্র আছে বুলি উল্লেখ কৰি ৰাষ্ট্রপতি বাইডেনে কয় যে ইউক্রেইনৰ নাগৰিকে যি সাহসিকতাৰে ৰুছ সেনাক প্রতিৰোধ কৰিছে, সিয়ে নতুনকৈ পশ্চিমীয়া মিত্রজোঁটক শক্তিশালী কৰিব৷ ইউক্রেইনৰ সেনাক পুনৰ শক্তিশালী কৰাৰ বাবে তেওঁলোকে কাম কৰি আছে আৰু ৰাছিয়াৰ অর্থনীতি নিষেধাজ্ঞাৰ জৰিয়তে বিধ্বস্ত কৰিব৷ তদুপৰি ৰাষ্ট্রপতি বাইডেনে কয়– ৬ দিন পূর্বে ৰাছিয়াৰ ভ্লাডিমিৰ পুটিনে ভাবিছিল– মুক্ত বিশ্বৰ ধাৰণাক তেওঁ হিংসাৰ পথেৰে ভ্রষ্ট কৰিব৷ কিন্তু তেওঁৰ সেই সিদ্ধান্ত ভুল৷ তেওঁ ভাবিছিল, ইউক্রেইনক মোহাৰিব আৰু বিশ্বক মোহাৰি পেলাব পাৰিব৷ ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীৰ ইউক্রেইনৰ বিৰুদ্ধে যুঁজক পূর্বনির্ধাৰিত আৰু অপ্রৰোচিত বুলি অভিযোগ কৰি ৰাষ্ট্রপতি বাইডেনে ভ্লাডিমিৰ পুটিনক স্বেচ্ছাচাৰী আখ্যা দি এখন বিদেশী দেশ আক্রমণ কৰাৰ বাবে তেওঁ মূল্য আদায় দিব লাগিব বুলি কয়৷ ৰাষ্ট্রপতি পুটিনে এখন শক্তিৰ প্রাচীৰৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি বাইডেনে কয়– তেওঁ কেতিয়াও এখন শক্তিৰ প্রাচীৰৰ সন্মুখীন হ’ব বুলি কল্পনা কৰা নাছিল৷ তেওঁ ইউক্রেইনবাসীৰ সন্মুখীন হৈছে, ৰাষ্ট্রপতি জেলেনস্কিৰ পৰা প্রতিগৰাকী ইউক্রেইনীয়ানৰ৷ তেওঁলোকৰ ভয়হীনতা, তেওঁলোকৰ সাহস, তেওঁলোকৰ সিদ্ধান্ত বিশ্বৰ অনুকৰণীয়৷ নাগৰিকসকলে টেংক ভেটি ধৰিছে৷ নিজৰ গৃহভূমি ৰক্ষাৰ বাবে শিক্ষার্থীৰ পৰা অৱসৰপ্রাপ্ত শিক্ষকলৈকে সৈনিক হৈছে৷ ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণ বৃদ্ধি পাই থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রই দেশখনলৈ অতিৰিক্তভাৱে ১০০ কোটি মার্কিন ডলাৰ আর্থিক সাহায্য আগবঢ়াইছে৷ অৱশ্যে এই যুঁজত আমেৰিকাৰ সেনাই অংশগ্রহণ নকৰে বুলিও ৰাষ্ট্রপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ মন কৰিবলগীয়া যে সংসদত ৰাষ্ট্রপতিগৰাকীয়ে ভাষণ দিয়াৰ সময়ত ইউক্রেইনবাসীৰ সমর্থনত কৰা মন্তব্যৰ বাবে সকলোৱে হাততালি মাৰি অভিনন্দন জনায়৷ সেই সময়ত সংসদৰ মজিয়াত উপস্থিত থকা ইউক্রেইনৰ ৰাষ্ট্রদূতগৰাকী আৱেগিক হৈ পৰে আৰু ইউক্রেইনবাসীক ৰাষ্ট্রপতিগৰাকীয়ে কৰা প্রশংসাৰ বাবে তেওঁক আনন্দাশ্রুৰে অভিনন্দন জনায়৷ আনহাতে, কানাডা আৰু ইউৰোপীয় সংঘৰ পাছত আমেৰিকা যুক্তৰাষ্ট্রয়ো ৰাছিয়াৰ বিমানৰ বাবে আকাশী পথ নিষেধ কৰা বুলি ৰাষ্ট্রপতি বাইডেনে ঘোষণা কৰে৷ দেশখনৰ মিত্রজোঁটৰ সিদ্ধান্তৰ প্রতি সন্মতি জনাই আমেৰিকাৰ আকাশী মার্গো ৰাছিয়াৰ বিমানৰ বাবে নিষেধ কৰা হয় বুলি ৰাষ্ট্রপতিগৰাকীয়ে ঘোষণা কৰে৷ মন কৰিবলগীয়া যে ৰাছিয়াৰ সামৰিক বাহিনীৰ সৈতে আমেৰিকাৰ সেনাই সংঘাতত লিপ্ত নহয় বুলি স্পষ্ট কৰি দি মার্কিন ৰাষ্ট্রপতিয়ে এই কথা উল্লেখ কৰে যে ৰাষ্ট্রপতি পুটিনে যদি পশ্চিমৰ দিশে আগবাঢ়ি অহাৰ যিকোনো পদক্ষেপ গ্রহণ কৰে, সেয়া নাটো বাহিনীয়ে প্রতিৰোধ কৰিব৷ তেনে কাৰণতে আমেৰিকাই স্থলসেনা, বায়ুসেনা আৰু নৌসেনাক নাটো দেশত সাজু কৰি ৰাখিছে৷ এই দেশসমূহৰ ভিতৰত পোলেণ্ড, ৰোমানিয়া, লাটভিয়া, লিথুৱানিয়া আৰু এষ্ট’নিয়াত সামৰিক বাহিনী সাজু কৰি ৰখা হৈছে৷ এই কথাও তেওঁ স্পষ্ট কৰি দিয়ে যে নাটো দেশৰ এক ইঞ্চি ভূমি সুৰক্ষাৰ ক্ষেত্রত আমেৰিকা যুক্তৰাষ্ট্র আৰু মিত্রজোঁটে সর্বশক্তিৰে অভিযানত নামিব৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু পশ্চিমীয়া দেশৰ ইটোৰ পাছত সিটো নিষেধাজ্ঞা, ইউক্রেইনত ভবা মতে যুঁজৰ সফলতা ৰাষ্ট্রপতি পুটিনে লাভ নকৰাটোৱে এখন বিশ্বযুদ্ধৰ শংকা ঘনীভূত কৰিছে৷ এই যুদ্ধখন তৃতীয় বিশ্বযুদ্ধ হ’ব৷ গুৰুত্বপূর্ণ যে পাৰমাণৱিক অস্ত্রৰে শক্তিশালী দেশসমূহে নিজক জয়ী কৰিবলৈ হয়তো মানৱ জাতিৰ বাবে ভয়াৱহ পাৰমাণৱিক অস্ত্র প্রয়োগৰ ক্ষেত্রত কুণ্ঠাবোধ নকৰিব৷ এনে হ’লে বিশ্ব সন্মুখীন হ’ব পাৰমাণৱিক যুদ্ধৰ আৰু ই হ’ব অতি ধ্বংসাত্মক৷

You might also like