নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালদাৰ দুৰ্গা মন্দিৰত মহৰমত বেৰিকেড স্থাপনত প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ২৯ জুলাই : মহৰমত পশ্চিমবংগৰ মালদা জিলাৰ কালিয়াচাকৰ এটা দুৰ্গা মন্দিৰ আৰক্ষীয়ে বেৰিকেডেৰে আগুৰাত ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি হয়। এই ঘটনাত পশ্চিমবংগৰ বিজেপি নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কাৰ্য মমতা বেনাৰ্জীয়ে ৰাজনৈতিক স্বাৰ্থৰ বাবে কৰা বুলি মন্তব্য কৰে। দুৰ্গা মন্দিৰ আৰক্ষীয়ে বেৰিকেডেৰে আগুৰি ৰখা সন্দৰ্ভত পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অধিকাৰীয়ে টুইটত কয়- মই বাজি মাৰি কওঁ যে উক্ত অঞ্চলৰ কোনো মহৰম আয়োজক সমিতিয়ে এনে পদক্ষেপৰ দাবী নকৰে, যিয়ে সনাতনীসকলক ক্ষুণ্ণ কৰাৰ সম্ভাৱনা থাকে। মমতা বেনাৰ্জীৰ অভিধানত “ধৰ্মনিৰপেক্ষতা” “ভোটবেংক ৰাজনীতি”ৰ সমাৰ্থক। সেইবাবেই বেনাৰ্জীৰ প্ৰশাসনে ধৰ্মীয় উৎসৱৰ সময়ত “অদ্ভুত আচৰণ” কৰিবলৈ লয় আৰু তেওঁলোকে সাধাৰণতে এনেকুৱা কাম কৰে, যিয়ে সনাতনীসকলৰ আৱেগত আঘাত কৰাৰ সম্ভাৱনা থাকে। মমতা বেনাৰ্জীয়ে ইচ্ছাকৃতভাৱে বেৰিকেড নিৰ্মাণ কৰি আহিছে আৰু ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভৰ বাবে দুয়োটা সম্প্ৰদায়ৰ মাজৰ সমন্বয় বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে। তদুপৰি শীঘ্ৰে হস্তক্ষেপ কৰি দুৰ্গা মন্দিৰৰ প্ৰৱেশদ্বাৰৰ পৰা বেৰিকেড আঁতৰাই দিবলৈ অধিকাৰীয়ে মুখ্য সচিবক অনুৰোধ জনায় টুইটটোত। অৱশ্যে ইয়াৰ পিছতে বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আন এটা টুইটত দুৰ্গা মন্দিৰটোৰ পৰা বেৰিকেড আঁতৰাই সঁহাৰি জনোৱাত পশ্চিমবংগৰ মুখ্য সচিবক ধন্যবাদ জনায়।

You might also like