নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত ক্ষতিগ্রস্ত ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ২০১৬ চনত ৬.৮ প্রাবল্যৰ ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰা মধ্য ম্যানমাৰৰ পাগোডা, মঠ–মন্দিৰ আৰু আন ঐতিহাসিক স্থানৰ সংৰক্ষণ তথা পুনৰুদ্ধাৰৰ বাবে ভাৰতে সহযোগিতা আগবঢ়াই আহিছে৷

ম্যানমাৰৰ ৰাষ্ট্রপতিৰ ভাৰত ভ্রমণ কালত ভাৰতে ভূমিকম্পত ক্ষতিগ্রস্ত এনে ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰৰ বাবে সহযোগিতা আগবঢ়োৱাৰ পৰিকল্পনা মতেই কাম কৰি আহিছে৷ শেহতীয়াকৈ ভাৰত চৰকাৰে ম্যানমাৰত চাৰি বছৰ পূর্বে ভূমিকম্পত ক্ষতিগ্রস্ত পাগোডা আৰু ষ্টুপাৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ কাম পুনৰ আৰম্ভ কৰে৷ ভাৰত পুৰাতাত্ত্বিক বিভাগে প্রথম পর্যায়ত ১২টা পাগোডাৰ পুনৰুদ্ধাৰৰ কাম হাতত লৈছিল৷

মন কৰিবলগীয়া যে ১৯৭৫ চনত ভূমিকম্পত ক্ষতিগ্রস্ত ঐতিহাসিক আনন্দ মন্দিৰৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ কামো ১১.৫৪ কোটি টকা ব্যয় সাপেক্ষে ২০১৮ চনত সম্পন্ন কৰা হৈছিল৷ আনকি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ম্যানমাৰ ভ্রমণ কালত এই ঐতিহাসিক মন্দিৰ পৰিদর্শন কৰি প্রার্থনা আগবঢ়াইছিল৷

You might also like