ৰিজৱান আউট হোৱাৰ পিছতে জয় শ্রীৰাম ধ্বনি
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ কালিৰ মেচখনত মহম্মদ ৰিজৱান আউট হৈ উভতি যোৱাৰ সময়ত নৰেন্দ্র মোদী ষ্টেডিয়ামৰ দর্শকে জয় শ্রীৰাম ধ্বনি দিয়ে৷ উল্লেখ্য যে ২০১১ৰ টি–২০ বিশ্বকাপৰ মেচত ভাৰতক ১০ উইকেটত পৰাস্ত কৰাৰ পিছত খেলপথাৰতে নামাজ পঢ়িবলৈ বহি পৰিছিল ৰিজৱান আৰু বাবৰ ৷ সেই মেচৰ ধাৰাভাষ্যকাৰ ৱাকাৰ ইউনিছেও কৈছিল যে পাক ক্রিকেটাৰসকলে নামাজ পঢ়া দেখি তেওঁ গর্ব অনুভৱ কৰিছে৷ সেই কথাই মনত ৰাখিছে আহমেদাবাদৰ দর্শকে৷ সেইবাবে তেওঁলোকে জয় শ্রীৰাম ধ্বনি দিয়ে ৰিজৱানক লক্ষ্য কৰি৷ ইয়াৰ উপৰি ৰিজৱানে সম্প্রতি তেওঁৰ এটি শতৰান পেলেষ্টাইনত যুদ্ধৰত সৈনিকসকলক উছর্গা কৰিছে৷ ভাৰতীয় সমর্থকসকলে এই কার্যক ভাৰতৰ বিৰোধিতা হিচাপে গণ্য কৰিছে৷ কাৰণ ভাৰত এই যুদ্ধত ইজৰাইলৰ সৈতে থকা বুলি জনাইছে৷