প্রতিশ্রুতি মিছা! গোপনে যুদ্ধৰ প্রস্তুতি ৰাছিয়াৰ
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ৰাছিয়াই প্রতিশ্রুতি দিলেও আমেৰিকাই দেশখনৰ ওপৰত ভৰসা কৰা নাই৷ ইউক্রেইনৰ পৰা সেনা প্রত্যাহাৰৰ প্রতিশ্রুতি দিয়াৰ পিছতো ৰাছিয়াই দেশখনৰ বিৰুদ্ধে গোপনে যুদ্ধ চলাব বুলি আশংকা কৰিছে হোৱাইট হাউছে৷ বৃহস্পতিবাৰে হোৱাইট হাউছৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে যিকোনো মুহূর্ততে ইউক্রেইনৰ ওপৰত সামৰিক আগ্রাসন আৰম্ভ কৰিব ৰুছ বাহিনীয়ে৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে উল্লেখ কৰা অনুসৰি ইউক্রেইনৰ পৰা ৰাছিয়াই সেনা প্রত্যাহাৰৰ মিছা প্রতিশ্রুতি দিছে৷ বৰঞ্চ গোপনে দেশখনৰ বিৰুদ্ধে আক্রমণ চলোৱাৰ প্রস্তুতি চলাইছে ভ্লাডিমিৰ পুটিনৰ সেনাই৷ সেই উদ্দেশ্যে ইউক্রেইন সীমান্তত অতিৰিক্তভাৱে ৭ হাজাৰ সৈনিকক মোতায়েন কৰিছে ৰাছিয়াই৷
ইফালে, মার্কিন প্রতিৰক্ষা দপ্তৰৰ এগৰাকী বিষয়ববীয়াই উল্লেখ কৰিছে যে ৰাছিয়াই গোপনে ইউক্রেইন সীমান্তত যুদ্ধৰ প্রস্তুতি চলোৱাৰ তথ্য হোৱাইট হাউছে লাভ কৰিছে৷ সমগ্র পূব ইউৰোপত ৰাছিয়াই যুদ্ধৰ আশংকা কঢ়িয়াই অনাৰ সময়তে ভাৰতে দেশখনত থকা নাগৰিকসকলৰ সহায়ৰ বাবে এক নিয়ন্ত্রণকক্ষ স্থাপন কৰিছে৷ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ইউক্রেইনত থকা ভাৰতীয়সকলৰ তথ্য লাভ আৰু তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিবলৈ কিয়েভস্থিত ভাৰতীয় দূতাবাসৰ পৰা স্থাপন কৰা হৈছে ২৪ ঘণ্টাই সক্রিয় এক হেল্পলাইন নিয়ন্ত্রণ কক্ষ৷