ইউক্রেইনৰ সীমান্তত বেলগোৰোডত ৰাছিয়াৰ সামৰিক বিমান দুর্ঘটনাগ্রস্ত
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ ৭০০সংখ্যক দিন৷ ইউক্রেইনৰ সীমান্তৰ বেলগোৰোডত আজি পুৱা এখন ৰাছিয়াৰ সামৰিক বিমান দুর্ঘটনা পতিত হৈছে৷ সামৰিক বাহিনীৰ এই বিমানখন দুর্ঘটনাত পতিত হোৱাত ৬৫জন ইউক্রেনিয়ান যুদ্ধবন্দী নিহত হৈছে৷ ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে, যুদ্ধৰ সময়ত বন্দী কৰা ইউক্রেইনৰ কর্মচাৰী ৬৫জনক আন এখন চহৰলৈ কঢ়িয়াই নি থকা অৱস্থাত সামৰিক বিমানখন দুর্ঘটনাত পতিত হৈছে৷ এই বিমানখনত থকা ৬৫জন যুদ্ধবন্দীৰ লগতে ৬জন বিমানৰ কর্মচাৰী আৰু আন তিনিজন লোক নিহত হৈছে৷ বিমানখন দুর্ঘটনাত পতিত হোৱাত মুঠ ৭৪জন লোকৰ মৃত্যু ঘটিছে৷ উল্লেখ্য যে ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রালয়ে আজি পুৱা পুর্বপৰিকল্পিত কার্যসূচী অনুসৰি ৬৫জন যুদ্ধবন্দীক আই এল ৭৬ কার্গো বিমানেৰে আন ঠাইলৈ লৈ গৈ থকা অৱস্থাত দুর্ঘটনাত পতিত হৈছে৷ আনপিনে ৰাছিয়াই সামৰিক বিমানখন দুর্ঘটনাত পতিত হোৱা বুলি প্রকাশ কৰিছে যদিও ইয়াৰ বিপৰীত ভাষ্য দিছে৷ যুদ্ধবন্দীক লৈ ৰাছিয়াৰ সামৰিক বিমানখন আকাশত থকা অৱস্থাত ইউক্রেইনী সেনাই গুলীয়াই ভূপতিত কৰিছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ বিপৰীত ভাষ্যই সামৰিক বিমানখনৰ দুর্ঘটনাৰ বিষয়তো ৰহস্যজনক কৰি তুলিছে৷