নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত অঘৰী কুকুৰৰ আতংকত বিদ্যালয় বন্ধ

বিশেষ বাৰ্তা, ১১ জুলাই : কেৰালাত ৰাজপথৰ কুকুৰৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যখনৰ কোঝিকোড জিলাৰ কুঠালী পঞ্চায়তত সোমবাৰে ছখন বিদ্যালয় আৰু ১৭টা অংগনৱাড়ী কেন্দ্ৰ বন্ধ ঘোষণা কৰে। ৰাজপথৰ কুকুৰে দুগৰাকী মহিলাকে ধৰি চাৰিজন ব্যক্তিক কামোৰাৰ ফলত জলাতংক ৰোগৰ লক্ষণ দেখা দিয়া বুলি জানিব পৰা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধৰ সিদ্ধান্ত লোৱা হয়। স্থানীয় কৰ্তৃপক্ষই ৰাজপথৰ আটাইকেইটা কুকুৰ ধৰাত অসুবিধাৰ সন্মুখীন হোৱা বাবে শিশুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষানুষ্ঠানসমূহ এদিনৰ বাবে বন্ধ ঘোষণা কৰে।

You might also like