ভাৰতৰ সহায় বিচাৰে পাক অধিকৃত কাশ্মীৰৰ নেতাই
ডিজিটেল ডেস্ক, ৭ জুলাই : পাকিস্তান প্রশাসনৰ দমন–উৎপীড়ন বৃদ্ধি পাইছে, এনে পৰিস্থিতিত ভাৰতৰ সহায় বিচাৰিছোঁ৷ –পাক অধিকৃত কাশ্মীৰত থিয় হৈ এনেদৰে কোৱা শুনা গ’ল তাৰ যুটীয়া আৱামী এক্সন কমিটী (জেএএচি)ৰ নেতা চর্দাৰ আমন খানে৷
তেওঁ জনায় যে পাক অধিকৃত কাশ্মীৰত প্রতিবাদকাৰীসকলক দমন কৰিবলৈ ৰেচন, প্রয়োজনীয় সামগ্রী সৰবৰাহ বন্ধ কৰিছে ইছলামাবাদে৷ নতুন দিল্লীক সাহায্য পঠিওৱাৰ আবেদন জনায় তেওঁ৷ নিয়ন্ত্রণ ৰেখাত ভাৰতে প্রৱেশ পথ খুলি দিয়াৰ কথাও তেওঁ কয়৷ তেওঁ দাবী কৰে যে পাক অধিকৃত কাশ্মীৰত পৰিস্থিতি অধিক বেয়ালৈ গ’লে বাসিন্দাসকলে বিচাৰিলে যাতে ভাৰতত প্রৱেশ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা উচিত৷
আমনৰ এই ভাষণৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে৷ ধাৰণা কৰা মতে তেওঁ ৩০ জুনত ৰাৱালকোটত এই ভাষণ দিয়ে৷ আমনে এনেদৰে কোৱাও শুনা গৈছে যে পাক প্রশাসনে বুলেটেৰে ৰোধ কৰিবলৈ বিচাৰিলে তেওঁলোকৰ ওচৰত ‘আন পথ’ আছে৷
জেএএচি নেতাগৰাকীয়ে পুঞ্চ আৰু ডোডা ছেক্টৰত সীমান্ত খুলি দিয়াৰ আবেদনো জনাইছে ভাৰতক৷ যোৱা মাহৰ পৰা উত্তপ্ত হৈ পৰিছে পাক অধিকৃত কাশ্মীৰ৷ যোৱা সপ্তাহত ঈদগাহ ময়দানত সমৱেত হৈ ক্ষুব্ধ লোকসকলে ইছলামাবাদৰ বিৰুদ্ধে শ্লোগান দিয়ে- ‘পাক অধিকৃত কাশ্মীৰ পাকিস্তানৰ অংশ নহয়’৷ তেওঁলোকে স্বাধীনতা বিচাৰে বুলিও সৰৱ হয়৷
পাক অধিকৃত কাশ্মীৰত ৬ শতাধিক মানৱ অধিকাৰ কর্মীক গ্রেপ্তাৰৰ পিছত দেওবাৰে বিক্ষোভকাৰীসকলক লক্ষ্য কৰি গুলী চলোৱাৰ অভিযোগ উঠিছে সেনাৰ বিৰুদ্ধে৷ এই আক্রমণত এজন বিক্ষোভকাৰীৰ মৃত্যু হোৱাৰ লগতে অনেকজন আহত হয়৷ পাক অধিকৃত কাশ্মীৰত পাকিস্তানে চলাই থকা উৎপীড়নৰ মাজতে সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’টোত চর্দাৰ আমন খানে কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰৰ মাজৰ সীমান্তৰ বাধা আঁতৰাই পেলোৱাৰ দাবী জনাই কয়- ‘আহক, আমি এক হৈ যাওঁ৷ পাকিস্তানৰ শাসকে আমাক দুর্বল বুলি ভাবিলে ভুল কৰিব৷ তেওঁলোকে যদি ভাবিছে যে আমি ইয়াতেই আবদ্ধ হৈ পৰিছোঁ, তেনেহ’লে সেয়া তেওঁলোকৰ ভুল ধাৰণা৷’