কৃষকৰ প্রতিবাদক লৈ পম্পি’লৈ সাত মার্কিন সাংসদৰ পত্র
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ভাৰতত তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষক সংগঠনসমূহে এমাহ ধৰি ৰাজধানী দিল্লীৰ সীমান্তত প্রতিবাদ অব্যাহত ৰখাৰ সময়তে আমেৰিকাৰ সাতগৰাকী সাংসদে এই বিষয়টো সন্দর্ভত ভাৰতৰ বিদেশ মন্ত্রীৰে আলোচনা কৰিবলৈ এক পত্র লিখিছে বিদেশ সচিব মাইক পম্পি’লৈ৷ বিদেশ সচিবগৰাকীলৈ পত্র লিখা মার্কিন কংগ্রেছৰ প্রতিনিধিসকলৰ ভিতৰত আছে ভাৰতীয় মূলৰ আমেৰিকান কংগ্রেছ প্রতিনিধি প্রমীলা জয়াপালো৷ লক্ষণীয়ভাৱে নতুন দিল্লী প্রশাসনে দেশৰ ৰাজনীতি আৰু বিদেশী নেতাসকলে কৃষকৰ প্রতিবাদ সন্দর্ভত মন্তব্য আগবঢ়োৱাটো যুক্তিসংগত নহয় বুলি ঘোষণা কৰি আহিছে৷
গণতান্ত্রিক দেশ এখনত আভ্যন্তৰীণ বিষয়ত বিদেশী নেতাই মন্তব্য আগবঢ়োৱাটো উচিত নহয় বুলি বিদেশ মন্ত্রণালয়ৰ মুখপাত্র অনুৰাগ শ্রীবাস্তৱে পূর্বেই উল্লেখ কৰি থৈছে৷ গতিকে আমেৰিকান সাংসদৰ এই দাবী সন্দর্ভত ভাৰতে তাৎক্ষণিকভাৱে প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও বিষয়টোক লৈ নতুন দিল্লীয়ে তীব্র অসন্তুষ্টি প্রকাশ কৰাৰ সম্ভাৱনা আছে৷ ইফালে দিল্লী সীমান্তত প্রচণ্ড শীতক নেওচি আন্দোলন চলাই থকা কৃষকসকলক বিভিন্ন সামগ্রী বিনামূলীয়াকৈ প্রদান কৰিবলৈ খালছা এইড নামৰ এনজি’ এটাই স্থাপন কৰিছে ‘কিষাণ মল’৷
তিক্রি সীমান্তত এই মলৰ পৰাই প্রতিবাদী কৃষকসকলক প্রদান কৰা হৈছে বিভিন্ন সামগ্রী৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদীয়ে কৃষকসকলক নতুন কৃষি আইনে পূর্বতকৈ বেছি উপকৃত কৰিব বুলি আজি ঘোষণা কৰিছে যদিও কৃষকসকলে আজি প্রতিবাদ অধিক তীব্রতৰ কৰাৰ হুংকাৰ দিছে৷ কালি কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে কৃষক সংগঠনৰ ৬০গৰাকী নেতাৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও কৃষকসকলে দিল্লী–উত্তৰ প্রদেশ সীমান্তত বিক্ষোভ অধিক জংগী কৰি তোলাৰ হুংকাৰ দিছে৷