নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চমবাৰৰ বাবে নেপালৰ প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেওবা

নিয়মীয়া বাৰ্তা, ১৪ জুলাই:  চুবুৰীয়া ৰাষ্ট্র নেপালত পঞ্চম বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈছে নেপালী কংগ্রেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেওবা৷ সংবিধানৰ অনুচ্ছেদ ৭৬ (৫)ৰ অধীনত ৰাষ্ট্রপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে নেপালী কংগ্রেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেওবাক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে৷

ৰাষ্ট্রপতিগৰাকীয়ে প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ পিছতেই ৭৪ বছৰীয়া দেওবা দেশখনত পঞ্চমবাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হ’ল৷ দেশখনৰ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি বর্তমানৰ ভাৰপ্রাপ্ত প্রধানমন্ত্রী কে পি শর্মা অলিৰ স্থানত ৰাষ্ট্রপতিগৰাকীয়ে কালি শ্বেৰ বাহাদুৰ দেওবাক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে৷

উল্লেখ্য যে শ্বেৰ বাহাদুৰ দেওবাই ইয়াৰ পূর্বে চাৰিবাৰ দেশৰ প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷ ১৯৯৫ চনৰ ছেপ্ঢেম্বৰৰ পৰা ১৯৯৭ চনৰ মার্চলৈ প্রথমবাৰ দায়িত্ব গ্রহণ কৰাৰ পিছত পিছলৈ ২০০১ জুলাইৰ পৰা ২০০২ অক্টোবৰলৈ, ২০০৪ জুনৰ পৰা ২০০৫ ফেব্রুৱাৰীলৈ আৰু অন্তিমবাৰ ২০১৭ চনৰ জুনৰ পৰা ২০১৮ চনৰ ফেব্রুৱাৰীলৈকে প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল দেওবাই৷ ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়াৰ পিছত ৩০ দিনৰ ভিতৰত দেওবা আস্থাৰ ভোটত জিকিব লাগিব৷

You might also like