নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী শিন্দেসহ শিৱসেনাৰ বিধায়কৰ পদ খাৰিজ হ’ব!

🔹 মহাৰাষ্ট্রত বিধানসভাৰ অধ্যক্ষৰ তৎপৰতা
বিশেষ বাৰ্তা, ৯ জুলাই : এনচিপিৰ বিদ্রোহী নেতা অজিত পাৱাৰে মহাৰাষ্ট্র চৰকাৰত যোগ দিয়াৰ পিছৰে পৰা মুখ্যমন্ত্রী একনাথ শিন্দেৰ ৰাজনৈতিক ভৱিষ্যতলৈ নামি আহিছে অনিশ্চয়তা ৷ কালি মহাৰাষ্ট্রৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰভেকৰৰ পদক্ষেপে একনাথ শিন্দে শিবিৰৰ চিন্তা বৃদ্ধি কৰিছে ৷ মুখ্যমন্ত্রী একনাথ শিন্দেসহ শিৱসেনাৰ শিন্দে গোষ্ঠীৰ ৪০ বিধায়ক আৰু উদ্ধৱ ঠাকৰে শিবিৰৰ ১৪ বিধায়কক সদস্য পদ খাৰিজক লৈ উত্তৰ বিচাৰিছে অধ্যক্ষগৰাকীয়ে ৷ শিৱসেনাৰ দুই গোষ্ঠীৰ বিধায়কসকলৰ সদস্য পদ খাৰিজৰ বিষয়টোক লৈ হঠাতে তৎপৰ হৈ পৰিছে অধ্যক্ষগৰাকী ৷ ইতিমধ্যে বিভিন্ন মহলে সন্দেহ কৰিছে যে বিধায়কসকলৰ উত্তৰ সন্তোষজনক নহ’লে দুই শিবিৰৰ সকলো বিধায়কৰ সদস্য পদ খাৰিজ হ’ব পাৰে ৷

You might also like