ধনকুবেৰ মাস্কৰ প্রেয়সীয়ে জন্ম দিলে সন্তান
নিয়মীয়া বাৰ্তা, ৫ মে’ : বিলিয়নিয়াৰ ধনকুবেৰ তথা স্পেচ এক্সৰ মুখ্য কার্যবাহী বিষয়া (চিই’) এল’ন মাস্কৰ প্রেয়সী গ্রিমেছে জন্ম দিছে এটি পুত্র সন্তান৷ ৩২ বছৰীয়া গ্রিমেছৰ প্রকৃত নাম হৈছে ক্লেৰী বাউছাৰ৷ ৪৭ বছৰীয়া মাস্কৰ সৈতে সংগীত শিল্পী গ্রিমেছৰ ২০১৮ চনৰ পৰা প্রণয়ৰ সম্পর্ক চলি আছে৷
লক্ষণীয়ভাৱে যোৱা জানুৱাৰী মাহতে গ্রিমেছে ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামৰ জৰিয়তে অন্তঃসত্ত্বা হোৱা বুলি ঘোষণা কৰিছিল৷ টুইটাৰযোগে কালি মাস্কে তেওঁৰ প্রেয়সী গ্রিমেছৰ এটি পুত্র সন্তান জন্ম হোৱা বুলি ঘোষণা কৰাৰ উপৰি মাতৃ আৰু সন্তান কুশলে থকা বুলি অনুৰাগীসকলক জানিবলৈ দিয়ে৷
স্মর্তব্য যে গ্রিমেছৰ এয়া প্রথমটো সন্তান৷ কিন্তু মাস্কৰ পূর্বৰ দুগৰাকী পত্নীৰ পৰা আছে ৫ সন্তান৷ তিনিবাৰকৈ বিবাহ বিচ্ছেদ হৈছে ধনকুবেৰগৰাকীৰ৷ দুবাৰকৈ বিচ্ছেদ হৈছে একেগৰাকী পত্নীৰ সৈতে৷ সংগীত আৰু বাণিজ্যৰ ক্ষেত্রখনত এল’ন মাস্ক–ক্লেৰী বাউছাৰৰ আছে বিশেষ খ্যাতি৷ লক্ষণীয়ভাৱে সংগীত শিল্পীগৰাকীয়ে প্রথমটো পুত্র সন্তান জন্ম দিয়া খবৰক লৈ বিশেষ চর্চা চলিছে সংবাদ মাধ্যমত৷