নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’জৰ মূল্য ৭৪০ টকাঃ স্পুটনিক–ভি ভেকচিন ৯৫ শতাংশ ফলপ্রসূ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ  ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন স্পুটনিক–ভি ৯৫ শতাংশ ফলপ্রসূ হোৱা বুলি প্রকাশ কৰিছে দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে৷

গামালয়া ৰিছার্চ চেণ্টাৰ আৰু ৰাছিয়াৰ ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ দ্বাৰা যুটীয়াভাৱে বিকশিত স্পুটনিক–ভিৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ ফলপ্রসূ হৈছে৷ এই ভেকচিন ব্যৱহাৰ কৰাৰ পিছত ৪২ দিনৰ তথ্যৰ আধাৰত স্বাস্থ্য মন্ত্রালয়ে ৯৫ শতাংশ ফলপ্রসূ হোৱা বুলি ঘোষণা কৰিছে৷

স্পুটনিক–ভিৰ প্রতিটো ড’জৰ মূল্য আন্তর্জাতিক বজাৰত প্রায় ৭৪০ টকা হ’ব৷ আনপিনে ৰাছিয়াৰ সকলো লোকক এই ভেকচিন বিনামূলীয়াকৈ প্রদান কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে৷

You might also like