নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ ভাৰতীয় মাছমৰীয়াক গ্রেপ্তাৰ শ্রীলংকাৰ উপকূলৰক্ষীৰ

বিশেষ বাৰ্তা, ৯ জুলাই : আন্তর্জাতিক জলসীমা অতিক্রম কৰি শ্রীলংকাৰ জলৰাশিত প্রৱেশ কৰা তামিলনাডুৰ ১৩গৰাকী মৎস্যজীৱীক গ্রেপ্তাৰ কৰিছে দ্বীপ ৰাষ্ট্রখনৰ উপকূলৰক্ষী বাহিনীয়ে ৷ উত্তাল সমুদ্র আৰু প্রচণ্ড বতাহৰ বাবে বিগত কেইদিনমান সমুদ্রত মৎস্য স্বীকাৰ কৰিবলৈ যোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা কৰিছিল তামিলনাডু চৰকাৰে ৷ ৰামেশ্বৰমৰ মৎস্যজীৱীসকলক সেই নিষেধাজ্ঞা মানি চলিবলৈ নির্দেশ দিয়া হৈছিল ৷ কিন্তু কালি বতৰ কিছু ফৰকাল হোৱাৰ লগে লগে মৎস্যজীৱীসকলক সমুদ্রলৈ যোৱাৰ ক্ষেত্রত অনুমতি প্রদান কৰে প্রশাসনে ৷ ইয়াৰ পিছতে ৰামেশ্বৰমৰ পৰা ৪০০ মৎস্যজীৱীয়ে মাছ ধৰিবলৈ ৰাওনা হৈছিল৷ ইয়াৰে ১৩জন মৎস্যজীৱীয়ে শ্রীলংকাৰ জলৰাশিত প্রৱেশ কৰাৰ লগে লগে তেওঁলোকক গ্রেপ্তাৰ কৰা হয় ৷

You might also like