নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাড় কঁপোৱা শীতত টেংকতে মৃত্যু হ’ব ৰুছ সেনাৰ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ইউক্রেইনৰ ৰাজধানী কিয়েভৰ পৰা ৩২ কিলোমিটাৰ দূৰত আছে ৰুছ সেনাৰ ৬৪ কিলোমিটাৰ দৈর্ঘ্যৰ কনভয়৷ খাদ্য সংকট, হাড় কঁপোৱা জাৰ আৰু বিভিন্ন কাৰণত এই কনভয়ৰ গতি লেহেম হৈ গৈছে বুলি আন্তর্জাতিক সংবাদ মাধ্যমৰ প্রতিবেদনত প্রকাশ পাইছে৷ শেহতীয়াকৈ ইউক্রেইনী সেনাৰ গোলাবর্ষণ বা গুলী নহয়, এই কনভয়ৰ বাবে বৃহৎ সংকট হিচাপে দেখা দিছে প্রচণ্ড শীত৷ একপ্রকাৰ ৰুছ সেনাৰ ভয়ংকৰ শত্রু হিচাপে থিয় দিছে হাড় কঁপোৱা জাৰ৷ পূব ইউৰোপত তাপমাত্রা ক্রমান্বয়ে হ্রাস পাই আহিছে৷

ইতিমধ্যে কিয়েভ, খাৰকিভসহ ইয়াৰ পার্শ্বৱর্তী অঞ্চলৰ তাপমাত্রা মাইনাছ ১০ ডিগ্রীৰ তললৈ গৈছে৷ আৰু কেইদিনমানৰ ভিতৰত এই তাপমাত্রা মাইনাছ ২০ ডিগ্রীৰ তললৈ অৱনমিত হ’ব বুলি বতৰ বিজ্ঞানীসকলে ঘোষণা কৰিছে৷ বিগত কেইটামান দিনত অত্যধিক তুষাৰপাত দেখিবলৈ পোৱা গৈছে সমগ্র অঞ্চলটোত৷ এই অৱস্থাত ৰাছিয়াৰ দীর্ঘ কনভয়ত থকা সেনাৰ টেংকবোৰৰ ভিতৰত সৃষ্টি হ’ব প্রচণ্ড জাৰ৷ এই জাৰৰ বাবেই বহু সৈনিকৰ মৃত্যু হ’ব পাৰে বুলি নিউজ উইকৰ এক প্রতিবেদনত দাবী কৰা হৈছে৷ বাল্টিক ছিকিউৰিটী ফাউণ্ডেচনৰ প্রতিৰক্ষা বিশেষজ্ঞ গ্লেন গ্রাণ্টে দাবী কৰা অনুসৰি, যি হাৰত তাপমাত্রা অৱনমিত হৈছে, ৰাছিয়াৰ টেংকবোৰ এটা এটা ফ্রীজাৰত পৰিণত হ’ব৷

তাৰ ভিতৰত সৈনিকসকলে আশ্রয় লৈ থাকিলে মৃত্যু অৱশ্যম্ভাৱী৷ অৱশ্যে টেংকবোৰৰ ইঞ্জিন যদি প্রতিমুহূর্ততে চলাই ৰখা হয়, তেতিয়াহ’লে ৰক্ষা পৰিব সৈনিকসকল৷ কিন্তু টেংকবোৰ প্রতিমুহূর্তত চলাই ৰাখিলে ইন্ধনৰ সংকট সৃষ্টি হ’ব৷ ইয়াৰ উপৰি এনেদৰে দীর্ঘ পথত ৰৈ থকাৰ ফলত ভয়াৱহ খাদ্য সংকটৰো সন্মুখীন হ’ব ৰুছ সৈনিকসকল৷ গতিকে কিয়েভ দখল কৰাটো ৰাছিয়ান বাহিনীৰ বাবে ভয়ংকৰ প্রত্যাহ্বান হৈ পৰিব পাৰে৷ ব্রিটিছ সেনাৰ প্রাক্তন মেজৰ কেভিন প্রাইচৰ মতেও বর্তমান মুহূর্তত ইউক্রেইন অভিমুখী ৰুছ সেনাৰ কনভয়ত সৃষ্টি হৈছে এনে বহু কাৰকক লৈ আতংক৷

You might also like