বাগদাদত দুটা আত্মঘাতী বিস্ফোৰণত ২৮জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ মধ্য প্রাচ্যৰ ৰাষ্ট্র ইৰাকত আজি আত্মঘাতী সন্ত্রাসবাদীয়ে চলোৱা দুটাকৈ বোমা বিস্ফোৰণত কমপক্ষেও ২৮গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৭৫গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ ইৰাকী নিৰাপত্তা বাহিনীৰ সূত্র তথা চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ চৰকাৰী সূত্রই প্রকাশ কৰা অনুসৰি মধ্য বাগদাদত এখন বজাৰত আজি এই দুয়োটা আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰে সন্ত্রাসবাদীয়ে৷ বাগদাদৰ টায়াৰান স্কোৱাৰৰ বজাৰত মানুহৰ সমাগম বৃদ্ধি পোৱাৰ সময়তে এই বিস্ফোৰণ দুটা সংঘটিত হৈছে৷
স্মর্তব্য যে বিগত কেইবামাহো ধৰি ইৰাকত এনেধৰণৰ হিংস্র আক্রমণ সংঘটিত হোৱা নাছিল৷ আজিৰ এই বিস্ফোৰণৰ পিছতে ৰাজধানী বাগদাদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ ইতিমধ্যে এই বিস্ফোৰণত বিধ্বস্ত বজাৰৰ আলোকচিত্র তথা ভিডি’ সংবাদ মাধ্যমত মুকলি হৈছে৷ বিস্ফোৰণত নিহত লোকসকলৰ মৃতদেহ নিৰাপত্তা বাহিনীয়ে মাটিত পেলাই ৰখা আলোকচিত্র সংবাদ মাধ্যমত মুকলি হোৱাৰ লগে লগে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷
তাৎক্ষণিকভাৱে কোনো সন্ত্রাসবাদী গোটে এই আত্মঘাতী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ইয়াত ইছলামিক ষ্টেটৰ জেহাদী জড়িত থকা বুলি চোৰাংচোৱা সংস্থাই সন্দেহ কৰিছে৷ ২০১৮ চনৰ জানুৱাৰীত একেটা স্থানত সন্ত্রাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ বিস্ফোৰণত প্রাণ হেৰুৱাইছিল ২৭গৰাকী লোকে৷ স্মর্তব্য যে ইৰাক আৰু ছিৰিয়াৰ পৰা ইছলামিক ষ্টেটক উৎখাত কৰাৰ পিছত দুয়োখন দেশত এনে হিংস্র আক্রমণৰ ঘটনা বিগত দুটা বছৰত হ্রাস পাইছিল৷
শেহতীয়াকৈ ইৰাকত ইছলামিক ষ্টেটে পুনৰ সাংগঠনিক ভেটি বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি দেশখনৰ চোৰাংচোৱা তথা ইউৰোপীয় নিৰাপত্তা সংস্থাসমূহে ঘোষণা কৰি আহিছে৷ দেশখনৰ গৃহ মন্ত্রালয়ৰ মুখপাত্র খালিদ আল–মাহনাই সংবাদ মাধ্যমক জনোৱা অনুসৰি বজাৰখনৰ মাজভাগতে আত্মঘাতী সন্ত্রাসবাদীয়ে এই বিস্ফোৰণ দুটা সংঘটিত কৰিছে৷ দুয়োটা বিস্ফোৰণৰ সৈতে পূর্বে ইছলামিক ষ্টেটে সংঘটিত কৰা আক্রমণৰ সাদৃশ্য থকা বুলিও উল্লেখ কৰিছে মুখপাত্রগৰাকীয়ে৷