পাকত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ ওপৰত সন্দেহজনক ড্রোন
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ চৌহদৰ ওপৰেৰে ড্রোন উৰাৰ ঘটনাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে নতুন দিল্লী প্রশাসনে উচ্চায়ুক্তৰ কার্যালয়ৰ নিৰাপত্তালৈ ভাবুকি আহি পৰা বুলি পাকিস্তানৰ ওচৰত তীব্র আপত্তি দর্শাইছে৷
স্মর্তব্য যে যোৱা সপ্তাহত জম্মুত বায়ুসেনাৰ ঘাটিত সন্ত্রাসবাদীয়ে ড্রোনেৰে আক্রমণ চলোৱা ঘটনাৰ পিছৰে পৰা বিষয়টোক লৈ নতুন দিল্লী প্রশাসনে তীব্র প্রতিবাদ সাব্যস্ত কৰি আছে৷ বিশেষকৈ পাক সন্ত্রাসবাদীয়ে জম্মুৰ বায়ুসেনা ঘাটিত ড্রোনেৰে বিস্ফোৰণ ঘটোৱা বুলি দাবী জনাইছে ভাৰতে৷ এই প্রতিবাদ চলি থকা সময়তে ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ ওপৰেৰে সন্দেহজনক ড্রোন উৰা ঘটনাক লৈ পুনৰ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
তাৎক্ষণিকভাৱে পাকিস্তানে এই বিষয়টো সন্দর্ভত কোনো মন্তব্য আগবঢ়োৱা নাই৷ স্মর্তব্য যে বিগত কেইবছৰমান ধৰি পাকিস্তানে ড্রোনেৰে জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ বাবে অস্ত্র পেলাই আহিছে৷ ২০১৯ চনৰ আগষ্ট মাহত পঞ্জাবৰ অমৃতসৰৰ এখন গাঁৱত বিধ্বস্ত পাকিস্তানী ড্রোন উদ্ধাৰ হৈছিল৷ এই ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীয়ে কেইবাটাও সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰি ভাৰতৰ মাটিত পাক সন্ত্রাসবাদীয়ে ড্রোনেৰে ড্রাগ্ছ আৰু অস্ত্র পেলাই থকা ঘটনা সত্য বুলি প্রমাণিত কৰিছিল৷