নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবুলৰ বাণিজ্যিক প্রতিষ্ঠানত মহিলাৰ আলোকচিত্র বিকৃত কৰি ফুৰিছে তালিবানে

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ আফগানিস্তানত তালিবানে জনসাধাৰণক সুৰক্ষা প্রদান কৰাৰ উপৰি শ্বৰীয়ত আইনৰ অধীনত মহিলাসকলক সমস্ত অধিকাৰ প্রদান কৰিব বুলি প্রতিশ্রুতি দিছে যদিও শেহতীয়া কাম–কাজত কট্টৰ ইছলামপন্থী তথা মৌলবাদী চিন্তাৰ পৰিচয় দাঙি ধৰিছে সংগঠনটোৱে৷

ৰাজধানী কাবুলৰ বাণিজ্যিক প্রতিষ্ঠান তথা বিপণীসমূহৰ সন্মুখত থকা মহিলাসকলৰ আলোচকচিত্র বিকৃত কৰি ফুৰিছে তালিবান যোদ্ধাসকলে৷ তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা ৰাজধানী চহৰখনৰ পথত মহিলাৰ বিচৰণ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ মহিলাসকলৰ আলোকচিত্র এনেদৰে বিকৃত কৰাৰ পাছতে আফগান নাৰী সমাজ উদ্বিগ্ণ হৈ পৰিছে৷ তালিবানে পুনৰ আফগান মহিলাসকলক বোর্খাৰ তলত থাকিবলৈ বাধ্য কৰিব বুলিও বিভিন্ন মহলে আশংকা কৰিছে৷

You might also like