পঞ্জশীৰত তালিবান–নেচনেল ৰেজিষ্টেঞ্চ ফ্রণ্টৰ তুমুল যুঁজ; তালিবানৰ জয়োল্লাসত কাবুলত নিহত ১৭
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ পূর্বৰ শাসন কালতো নিজৰ অধীনলৈ আনিবলৈ সক্ষম নোহোৱা পঞ্জশীৰ দখলৰ বাবে এইবাৰ তালিবানে মৰণপণ যুঁজত অৱতীর্ণ হৈছে৷ পঞ্জশীৰ দখল কৰিবলৈ তালিবানে চলাই থকা আক্রমণ নেচনেল ৰেজিষ্টেঞ্চ ফ্রণ্ট অৱ আফগানিস্তান (এনআৰএফএ)–এ প্রতিহত কৰি আছে৷ কার্যতঃ পঞ্জশীৰত তালিবান আৰু নেচনেল ৰেজিষ্টেঞ্চ ফ্রণ্টৰ মাজত তুমুল যুঁজ চলি আছে৷ এই যুঁজৰ মাজতে তালিবানে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰিছে৷
আনপিনে, পঞ্জশীৰৰ পৰা তালিবানক খেদি পঠিওৱা বুলি দাবী কৰিছে এনআৰএফে৷ দুই পক্ষই নিজৰ হাতত পঞ্জশীৰ থকা বুলি দাবী কৰি থকাৰ মাজতে যোৱানিশা তালিবানে পঞ্জশীৰ বিজয়োল্লাসত জধেমধে গুলীচালনা কৰাত কাবুলত অতিকমেও ১৭জন লোকৰ মৃত্যু ঘটিছে৷ তদুপৰি ৪০তকৈ অধিক লোক আহত হৈছে৷
উল্লেখ্য যে ১৯৯৬–২০০১ চনলৈকে আফগানিস্তানত তালিবানৰ চৰকাৰ থকাৰ সময়ত পঞ্জশীৰ প্রদেশ তালিবানৰ হাতত নাছিল৷ ২০ বছৰৰ মূৰকত পুনৰ আফগানিস্তানৰ শাসন তালিবানে নিজৰ হাতলৈ সক্ষম হৈছে যদিও পঞ্জশীৰ দখল কৰিব পৰা নাই৷ এই পঞ্জশীৰৰ পৰা দেশখনৰ প্রাক্তন প্রথম উপ–ৰাষ্ট্রপতি তথা তত্ত্বাৱধায়ক ৰাষ্ট্রপতি ঘোষিত আমৰুল্লাহ চালেহ আৰু নর্দার্ন ৰেজিষ্টেঞ্চ ফ’চৰ মুৰব্বী আহমদ মাছুদে তালিবানক প্রত্যাহ্বান জনাই আছে৷