নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫ ডলাৰৰ প’র্চেলিন বাটি নিলাম হ’ব ৫ লাখ ডলাৰত

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ আমেৰিকাৰ এজন লোকে ৩৫ ডলাৰ দি ক্রয় কৰিছিল বগা ৰঙৰ প’র্চেলিনৰ ওপৰত নীলা ভাস্কর্য খোদিত এটা বাটি৷ সুদৃশ্য এই বাটিটো আমেৰিকাৰ কানেক্টিকাটৰ লোকজনে এখন দোকানৰ পৰা বাটিটো ক্রয় কৰি আনিছিল৷ কিন্তু ঘৰলৈ ঘূৰি আহি মানুহজনৰ বাটিটোক লৈ কৌতূহল বাঢ়িল৷ তেওঁৰ অনুমান হ’ল যে বাতিটো সাধাৰণ মানৰ বাতি নহয়৷ লগে লগে তেওঁ এগৰাকী পুৰাতত্ত্ববিদৰ ওচৰলৈ গৈ বাটিটো পৰীক্ষা কৰিবলৈ দিলে৷

পুৰাতত্ত্ববিদজনে বাটিটো পৰীক্ষা কৰি যি কথা ক’লে সেয়া শুনি মানুহজন হতবাক হৈ পৰিল৷ পুৰাতত্ত্ববিদজনৰ মতে বাতিটো ১৫ শতিকাৰ চীনৰ মিং সাম্রাজ্যৰ সময়ৰ৷ ১৩৬৮ৰ পৰা ১৬৬৬ চন পর্যন্ত মিং ৰাজবংশৰ শাসন চলিছিল চীনত৷ সেই সময়ত ৰজাৰ বাবে এনেধৰণৰ মূল্যৱান প’র্চেলিনৰ বাচন ব্যৱহাৰ কৰা হৈছিল৷

বিশেষজ্ঞসকলৰ পৰা বাটিটোৰ ঐতিহাসিক গুৰুত্ব বুজি ইয়াক নিলাম কৰিবলৈ ওলাইছে লোকজনে৷ নিলাম দৰ ৰখা হৈছে ৩ লাখ ডলাৰ৷ বিশেষজ্ঞসকলৰ মতে ৫ লাখ ডলাৰ পর্যন্ত নিলাম দৰ উঠিব পাৰে বাতিটোৰ৷ অহা ১৭ মার্চত বাটিটোৰ নিলামৰ বাবে বিভিন্ন মহলে আগ্রহেৰে বাট চাই আছে৷

You might also like