নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ ধাৰাভিৰ ছবি সলনি কৰিব আদানী গ্ৰুপে

বিশেষ বাৰ্তা, ১৫ জুলাই : ছবি সলনি হ’ব মহাৰাষ্ট্ৰৰ ধাৰাভিৰ। এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চলৰ পুনৰ নিৰ্মাণ প্ৰকল্প হাতত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰকল্পৰ বাবে আগ্ৰহী ব্যক্তিগত কোম্পানীৰ পৰা নিবিদা আহ্বান কৰিছিল। উদ্যোগপতি গৌতম আদানীৰ আদানী গোটে আন কোম্পানীক পিছ পেলাই এই প্ৰকল্প নিৰ্মাণৰ কাম নিজৰ হাতলৈ নিবলৈ সক্ষম হয়। শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগে অৱগত কৰে যে ধাৰাভিত চৰকাৰে গ্ৰহণ কৰা পুনৰ নিৰ্মাণ প্ৰকল্পত আদানী গ্ৰুপে অংশগ্ৰহণ কৰিবলৈ ওলাইছে। মহাৰাষ্ট্ৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি, প্ৰায় ৬০০ একৰ এলেকাত থকা এই বস্তি অঞ্চলত আধুনিক সা-সুবিধাৰ ঘৰ, শ্বপিং মল নিৰ্মাণ কৰা হ’ব। বৰ্তমান বস্তি অঞ্চলত অস্বাস্থ্যকৰ পৰিৱেশত জীয়াই থাকিবলৈ বাধ্য হোৱা বাসিন্দাসকলক ‘মেৰিট ভিত্তিত’ নতুনকৈ নিৰ্মাণ কৰা গৃহত সংস্থাপন কৰা হ’ব। এই প্ৰকল্পত আদানীৰ দুই প্ৰতিদ্বন্দ্বী আছিল ডি এল এফ আৰু নমন গ্ৰুপ। কিন্তু আদানী ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপে সেই দুটা কোম্পানীতকৈ অধিক ধন বিনিয়োগ কৰিব বুলি কৈ এই প্ৰকল্প নিজৰ হাতলৈ নিবলৈ সক্ষম হয়।

You might also like