হিংস্র প্রশিক্ষণঃ ডিঙি পোন ৰাখিবলৈ চীনে সৈনিকৰ কামিজত বিন্ধাই দিয়ে আলপিন
নিয়মীয়া বাৰ্তা, ২১ মেঃ প্রতিখন দেশৰ সেনাত সৈনিকসকলৰ শৰীৰৰ অংগী–ভংগী অতি গুৰুত্বপূর্ণ বিষয়৷ সঠিক দেহভংগীৰ বাবে প্রতিখন দেশতে সৈনিকসকলে কঠোৰ পৰিশ্রম কৰিবলগীয়া হয়৷ অনুশীলনৰ সময়ত এনে পৰিশ্রম সহ্য কৰিব নোৱাৰি বহু সৈনিকে পলায়নো কৰে৷ পিঠিত বোজা লৈ দৌৰা, ৰাইফল হাতত লৈ ঘণ্টাৰ পাছত ঘণ্টা এক ভংগীতে থিয় হৈ থকা আদি কামবোৰ সৈনিকসকলৰ বাহিৰে সাধাৰণ লোকৰ বাবে কল্পনাৰো অতীত৷
চীনৰ বাহিনী পিএলএত সৈনিকসকলক ডিঙি পোন কৰি ৰাখিবলৈ অতি হিংস্র প্রশিক্ষণ দিয়া হয়৷ যিসকল সৈনিকে কান্ধ হেলনীয়া কৰি থাকে তেওঁলোকক পোন হৈ থাকিবলৈ কামিজৰ কালাৰত আলপিন সুমুৱাই দিয়া হয়৷ অর্থাৎ অকণমান কান্ধ হালিলেই আলপিনৰ খোঁচা খাবলগীয়া হয় এই সৈনিকসকলে৷
অৱশ্যে যিসকল সৈনিতৰ ডিঙি হেলনীয়া কৰি ৰখাৰ বদ অভ্যাস থাকে তেওঁলোকৰ ক্ষেত্রতহে এনে ব্যৱস্থা গ্রহণ কৰে পিএলএই৷ যিসকলে দিঙি পোন কৰি থাকে তেওঁলোকক এনে শাস্তিৰ পৰা ৰেহাই দিয়া হয়৷ তথাপি চীনা সেনাত এনে হিংস্র প্রশিক্ষণৰ বাবে বাৰে বাৰে দেশখন বিশ্বৰ মানৱাধিকাৰ সংস্থাৰ দ্বাৰা সমালোচিত হৈ আহিছে৷