আমেৰিকাৰ অভিধানে সলনি কৰিব ‘বর্ণবাদ’ শব্দৰ সংজ্ঞা
নিয়মীয়া বাৰ্তা ১১ জুনঃ আমেৰিকাৰ অভিধান মেৰিয়ম–ৱেবষ্টাৰে ‘বর্ণবাদ’ শব্দৰ সংজ্ঞা সলনি কৰাৰ চিন্তা–চর্চা কৰিছে৷ এগৰাকী কৃষ্ণাংগ মহিলাৰ ই–মেইলযোগে অহা অনুৰোধৰ পিছতে অভিধানখনৰ পৰিচালনা সমিতিয়ে এই শব্দটোৰ অভিধা বা সংজ্ঞা সলনি কৰাৰ সিদ্ধান্ত লৈছে৷
আইওৱাৰ ড্রেক বিশ্ববিদ্যালয়ৰ পৰা শেহতীয়াকৈ স্নাতক ডিগ্রী লোৱা কেনেডী মিটছুম নামৰ শিক্ষার্থীগৰাকীয়ে পৰামর্শ আগবঢ়াইছে যে বর্ণবাদ শব্দটোৰ সংজ্ঞা সলনি হোৱা উচিত৷ দমন আৰু আতিশয্যৰ বিষয়টোৰ প্রসংগ এই সংজ্ঞাত সন্নিৱিষ্ট হোৱা উচিত বুলিও শিক্ষার্থীগৰাকীয়ে মেৰিয়ম–ৱেবষ্টাৰক আহ্বান জনাইছিল৷ উল্লেখনীয় যে এই পৰামর্শক আদৰণি জনাইছে অভিধানখনৰ এগৰাকী সম্পাদকে৷
স্মর্তব্য যে মিন্নিয়াপ’লিছ চহৰত আৰক্ষীৰ নৃশংস হত্যাৰ বলি হোৱা জর্জ ফ্লয়ডৰ ন্যায়ৰ দাবীত সমগ্র বিশ্বজুৰি প্রতিবাদ চলি থকা সময়তে আমেৰিকান অভিধানখনে বর্ণবাদ শব্দৰ সংজ্ঞা সলনি কৰিবলৈ আগ্রহ প্রকাশ কৰা বিষয়টোক বিভিন্ন মহলে আদৰণি জনাইছে৷ সমাজত বর্ণভেদে চলি থকা বৈষম্যৰ বিষয়টোকো এই সংজ্ঞাত প্রতিফলিত কৰিব লাগে বুলি যুক্তি দর্শাইছে কেনেডী মিটছুমে৷