ৰাজধানী দিল্লীৰ বাসিন্দাৰ গড় আয়ুস কমিল ১২ বছৰ
🔹 ভয়াৱহভাৱে বৃদ্ধি পোৱা বায়ু প্রদূষণৰ পৰিণতি
বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : বায়ু প্রদূষণৰ ফলত দিল্লীবাসীৰ জীৱনকাল হ্রাস পাইছে৷ বিগত কেইটামান দশকৰ ভিতৰত বিশ্বৰ আটাইতকৈ প্রদূষিত মহানগৰৰ তালিকাত ওপৰৰ ফালে স্থান লাভ কৰি আহিছে ভাৰতৰ ৰাজধানী মহানগৰখনে৷ সাম্প্রতিক এক গৱেষণাত দাবী কৰা অনুসৰি বায়ু প্রদূষণৰ বাবে ৰাজধানী দিল্লীৰ বাসিন্দাসকলৰ আয়ুস কমিছে গড়ে প্রায় ১২ বছৰ৷ এই গৱেষণা চলাইছিল আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ এদল গৱেষকে৷ গৱেষকসকলে দাবী কৰা অনুসৰি, ভাৰতৰ ১৩০ কোটি মানুহে বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত বায়ুৰ গুণমান সূচকৰ দূষিত অঞ্চলত বাস কৰে৷ ৰাজধানী দিল্লীৰ পৰিস্থিতি ভয়াৱহ বুলি এই গৱেষণাত দাবী কৰা হৈছে৷