ডিঙিৰ পৰা প্রায় বিচ্ছিন্ন শিশুৰ মূৰ পুনৰ সংলগ্ন চিকিৎসকৰ
🔹 আশ্চর্য : ইজৰাইলত অস্বাভাৱিক জটিল অস্ত্রোপচাৰত সফলতা
বিশেষ বাৰ্তা, ১৫ জুলাই : ইজৰাইলৰ চিকিৎসকে অতি অস্বাভাৱিক আৰু জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি এটি শিশুক নতুন জীৱন দিবলৈ সক্ষম হৈছে৷ মটৰ দুর্ঘটনাত শিশু এটিৰ মূৰটো ডিঙিৰ সৈতে প্রায় বিচ্ছিন্ন হৈ মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তে ইজৰাইলৰ হাডাছা মেডিকেল চেণ্টাৰত চিকিৎসকৰ দল এটাই সফল অস্ত্রোপচাৰেৰে মূৰটো ডিঙিৰ সৈতে পুনৰ সংলগ্ণ কৰিবলৈ সক্ষম হয় আৰু জীয়াই থকাৰ সম্ভাৱনা নথকা শিশুটিক নতুন জীৱন দিবলৈ সক্ষম হয়৷ ইজৰাইলৰ চিকিৎসকে এই অস্ত্রোপচাৰ চিকিৎসা বিজ্ঞানৰ আশ্চর্য হিচাপে চিহ্ণিত কৰিছে৷ উল্লেখ্য যে শিশুটোৱে চাইকেল লৈ গৈ থকা অৱস্থাত কাৰ এখনে খুন্দা মৰাত শিশুটিৰ ৰাজহাড়–ডিঙিৰ পৰা মূৰটো প্রায় বিচ্ছিন্ন হৈ পৰে৷ স্থানীয় চিকিৎসালয়ত শিশুটিক প্রথমে ভর্তি কৰোৱা হয় যদিও ততালিকে বিমানযোগে শিশুটিক হাডাছা মেডিকেল চেণ্টাৰলৈ নিয়া হয় আৰু ইয়াতেই চিকিৎসকৰ দল এটাই অতি অস্বাভৱিক–জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়৷ চিকিৎসকে প্রায় ডেৰ মাহ ধৰি শিশুটিক চিকিৎসালয়ত ৰখাৰ পাছত সুস্থ হৈ উঠাৰ লগে লগে ঘৰলৈ যাবলৈ অনুমতি দিয়ে৷