নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত বানত নিহতৰ সংখ্যা ৭২জনলৈ বৃদ্ধি

📌 উত্তৰাখণ্ডৰ উত্তৰ কাশীত ডাৱৰ বিস্ফোৰণ
বিশেষ বাৰ্তা, ২২ জুলাই : বিগত কিছুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণসৃষ্ট বানত মহাৰাষ্ট্রৰ কেইবাটাও অঞ্চলৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ এই বান আৰু বৰষুণসৃষ্ট কাৰণত মহাৰাষ্ট্রত মৃতকৰ সংখ্যা ৭২জনলৈ বৃদ্ধি পাইছে৷ ইপিনে, উত্তৰাখণ্ডৰ উত্তৰকাশীত ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোৰ বাট–পথৰ লগতে কেইবাটাও বাসগৃহ বিধ্বস্ত হয়৷ বিধ্বস্ত অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ গংগানানিj সমীপৰ ধ্বংসস্তূপৰ বাবে যমুনোত্রী ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন অঞ্চলত যাতায়াত ব্যাহত হৈছে ৷ ডাৱৰ বিস্ফোৰণৰ ফলত প্রবল বৰষুণে স্বাভাৱিক জনজীৱন ব্যাহত কৰাৰ লগতে জীৱ–জন্তুৰ বাবেও অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তথ্য মতে, আজি পুৱতি নিশা ডাৱৰ বিস্ফোৰণ সংঘটিত হয় ৷ সা–সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে দুখন কলেজ আৰু পাঁচখন হোটেল পানীয়ে উটুৱাই লৈ যায়।

You might also like