নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰে চিনাক্ত কৰিব ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীক

নিয়মীয়া বাৰ্তা, ১৮ মেঃ বিশ্বব্যাপী মহামাৰীৰ ৰূপ লোৱা ক’ভিড–১৯ আক্রান্ত ৰোগীক চিনাক্ত কৰিব পাৰিব কুকুৰে৷ গ্রেট ব্রিটেইনৰ গৱেষকৰ দল এটাই এই তথ্য প্রকাশ কৰিছে৷ লণ্ডনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ভিড–১৯ ৰোগীৰ ছেম্পল সংগ্রহ কৰি গৱেষকৰ দলটোৱে কুকুৰক তাৰ গোন্ধ ল’বলৈ দিয়ে৷

তদুপৰি আন নাগৰিকৰ তেজৰ নমুনাও সংগ্রহ কৰি কুকুৰক তাৰ গোন্ধ ল’বলৈ দি পৰীক্ষণ সম্পন্ন কৰে৷ ইয়াৰ পাছতেই কুকুৰে ক’ভিড–১৯ আক্রান্ত ৰোগীৰ তেজৰ নমুনাৰ গোন্ধক পৃথক ধৰণে প্রতিক্রিয়া দেখুৱায়৷ ইয়াৰ আধাৰতে গৱেষকৰ দলটোৱে ক’ভিড–১৯ আক্রান্তক কুকুৰে চিনাক্ত কৰিব পাৰিব বুলি দাবী কৰিছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ আক্রান্ত নোহোৱা লোকৰ তেজৰ নমুনাক লৈ কুকুৰে পৃথক প্রতিক্রিয়া দেখুৱায়৷ কেইবাবাৰো গৱেষকসকলে কুকুৰৰ দ্বাৰা ক’ভিড–১৯ ৰোগীৰ নমুনাৰ গোন্ধ ল’বলৈ দি এই কথা নিশ্চিত কৰে যে মহামাৰী ক’ভিড–১৯ৰ গোন্ধ কুকুৰে পৃথকভাৱে চিনাক্ত কৰিব পাৰে, অর্থাৎ ক’ভিড–১৯ আক্রান্তক কুকুৰে চিনাক্ত কৰিব পাৰিব৷

ডাৰহাম বিশ্ববিদ্যালয়ৰ লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্রপিকেল মেডিচিন, মেডিকেল ডিটেকচন ডগ্ছ নামৰ ন্যাস এটাৰ দ্বাৰা চলোৱা এই গৱেষণাত ৬টা লেব্রা ডৰ আৰু কোকাৰ স্পেনিয়েল কুকুৰক পৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ উল্লেখ্য যে মেডিকেল ডিটেকচন ডগ্ছে কুকুৰকেইটাক প্রশিক্ষণো দিছিল৷

You might also like