নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰংগৰ পৰা পুত্র ওভতাৰ পূর্বেই পিতৃৰ শেষ নিশ্বাস ত্যাগ

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰ : উত্তৰকাশীৰ সুৰংগৰ পৰা ১৭ দিন পিছত আবদ্ধ ৪১ শ্রমিকক উদ্ধাৰ কৰা হৈছে৷ এই শ্রমিকসকলৰ বাবে আগ্রহেৰে অপেক্ষা কৰিছিল তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে৷ ১৭ দিন পিছত সেই ভাল সময় আহি পৰিল৷ কিন্তু ‘নৰককুণ্ড’ৰ পৰা উভতি অহা পুত্রক দেখাৰ পূর্বে শেষ নিশ্বাস ত্যাগ কৰিলে এজন শ্রমিকৰ পিতৃয়ে৷ পুত্রৰ বাবে অত্যধিক উদ্বেগৰ বাবে এই মর্মান্তিক ঘটনা ঘটিল বুলি সংবাদ মাধ্যমক জনাইছে পৰিয়ালে৷ পিটিআইৰ সূত্রই সদৰী কৰা অনুসৰি, মৃত ব্যক্তিৰ নাম বাছেট ওৰফে বার্ছা মুর্মু৷ ঝাৰখণ্ডৰ পূব ছিংভূম জিলাৰ বহোদা গাঁৱৰ বাসিন্দা আছিল বার্ছা মুর্মু৷ মুর্মুৰ ২৮ বছৰীয়া শ্রমিক পুত্র ভাক্টু অন্য ৪০জন শ্রমিকৰ সৈতে উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ পৰিছিল৷

You might also like