মিয়ামিৰ সমুদ্রত ‘আইকন অৱ দ্য ছী’ৰ যাত্রা
বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : দেওবাৰে সমুদ্রত প্রথমবাৰলৈ যাত্রা আৰম্ভ কৰিব ৰয়েল কেৰিবিয়ান কোম্পানীয়ে নির্মাণ কৰা বিশাল জাহাজ ‘আইকন অব দ্য ছী’–এ৷ এই জাহাজখনত সমুদ্রৰ পৰা ৪৭ মিটাৰ উচ্চতাত যাত্রা কৰিব পাৰিব যাত্রীসকলে৷ প’ৰ্ট অৱ মিয়ামিৰ পৰা যাত্রা আৰম্ভ কৰিবলগীয়া এই জাহাজখনৰ দৈর্ঘ্য ৩৬৫ মিটাৰ৷ মঙলবাৰে ফুটবল কিংবদন্তি লিঅ’নেল মেছি আৰু তেওঁৰ ইণ্টাৰ মিয়ামি ক্লাবৰ সতীর্থসকলৰ উপস্থিতিত ইয়াৰ নামকৰণ কৰা হয়৷ ২০টা ডক আছে জাহাজখনত৷ ৭৬০০ যাত্রী আৰু ২৩৫০গৰাকী নাবিকক বহন কৰাৰ সক্ষমতা আছে জাহাজখনত৷ জাহাজখনৰ ভিতৰত আছে সাতটা ছুইমিং পুল৷ বিভিন্ন খেলা–ধূলাৰ ব্যৱস্থা আছে এই বিলাসী জাহাজখনত৷ ৪০খনতকৈ অধিক ৰেষ্টুৰেণ্ট আছে জাহাজখনৰ ভিতৰত৷ ইয়াৰ উপৰি আছে বাৰ, লঞ্জ আৰু অন্যান্য সুবিধা৷ মিয়ামিৰ পৰা পশ্চিম কেৰিবিয়ান অঞ্চললৈ যাত্রাকালত বিভিন্ন দ্বীপত লংগৰ পেলাব জাহাজখনে৷ জাহাজখনৰ যাত্রাত একোগৰাকী যাত্রীৰ টিকটৰ মূল্য হ’ব ১৭২৩ ডলাৰৰ পৰা ১৪২০৫ ডলাৰলৈ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ১.৪ লাখ টকাৰ পৰা ১১.৮ লাখ টকাপর্যন্ত টিকটৰ মূল্য হ’ব একোগৰাকী যাত্রীৰ৷ ২০২২ চনৰ অক্টোবৰত এই জাহাজখনৰ নির্মাণ সম্পূর্ণ হয় যদিও ইয়াক বর্ণিল ৰূপত সজাই তোলা কাম বাকী আছিল৷ ৰয়েল কেৰিবিয়ান প্রাইভেট আইলেণ্ডৰ তৰফৰ পৰা প্রথমবাৰলৈ এই বিশাল জাহাজখন নির্মাণ কৰা হৈছে যাত্রীসকলক সমুদ্রত আমোদ দিবলৈ৷ স্মর্তব্য যে ইয়াৰ পূর্বে সমুদ্রত এনে বিশাল যাত্রীবাহী জাহাজ মুকলি কৰা হোৱা নাছিল৷ ৰয়েল কেৰিবিয়ান গ্রুপৰ মুৰব্বী তথা মুখ্য কার্যবাহী বিষয়া জেছন লিবার্টিয়ে উল্লেখ কৰা অনুসৰি কেইবাটাও প্রজন্মৰ লোকে একেলগে এই জাহাজখনত ভ্রমণ কৰিব পাৰিব৷ বিশেষকৈ শিশুসকলৰ বাবে খেলৰ বিভিন্ন উপাদান ৰখা হৈছে জাহাজাখনত৷