ভাৰত–পাকিস্তানৰ মেচৰ পূর্বে সমালোচনাৰ সন্মুখীন ভাৰতীয় ক্রিকেট ব’ৰ্ড
🔹 মোদী ষ্টেডিয়ামৰ অৰিজিতৰ অনুষ্ঠান দেখা নগ’ল টিভিত
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : বিশ্বকাপত ভাৰত–পাকিস্তানৰ মেচ আৰম্ভ হোৱাৰ পূর্বেই তীব্র সমালোচনাৰ সন্মুখীন হয় ভাৰতীয় ক্রিকেট ব’ৰ্ড ৷ মেচখনৰ পূর্বে জাকজমকতাপূর্ণ অনুষ্ঠানৰ ব্যৱস্থা কৰিছিল আই চি চিয়ে৷ কিন্তু টিভি আৰু ম’বাইলত দেখা নাপালে অপেক্ষাৰত দর্শকে৷ ইয়াৰ পিছতে সম্প্রচাৰকাৰী চেনেলৰ তৰফৰ পৰা জনোৱা হয় যে এই অনুষ্ঠান আছিল কেৱল ষ্টেডিয়ামত উপস্থিত থকা দর্শকৰ বাবে৷ বলীউডৰ শিল্পী অৰিজিত সিং, শংকৰ মহাদেৱন, সুখবিন্দৰ সিং আৰু সুনীধি চৌহানে মেচৰ পূর্বে অনুষ্ঠান পৰিৱেশন কৰিব বুলি আগতীয়াকৈ জনাইছিল ব’র্ডে৷ ইয়াৰ বাবে মঞ্চও নির্মাণ কৰা হৈছিল৷ দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল অনুষ্ঠান৷ কিন্তু তাত কেৱল ষ্টুডিঅ’ৰ পৰা সম্প্রচাৰ দেখুওৱা হয় ৷ আগৰ পৰা ঘোষণা কৰিও অনুষ্ঠান সম্প্রচাৰ নকৰাত ক্ষুব্ধ হৈ পৰে একাংশ অনুৰাগী৷ উল্লেখ্য যে আই পি এলৰ সম্প্রচাৰ প্রথমবাৰৰ বাবে লাভ কৰিছে ভায়াকম ১৮ নামৰ সংস্থাটোৱে৷ অৱশ্যে বিশ্বকাপৰ সম্প্রচাৰৰ স্বত্ব আছে ষ্টাৰ স্প’ৰ্টছৰ অধীনত৷