নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

’১৯ৰ ডিচেম্বৰৰ পূর্বে ৱুহানত ঘটা নাছিল সংক্রমণ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ চীনৰ ৱুহান চহৰৰ পৰা বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীৰ বিস্তাৰ ঘটাৰ লগতে ২০১৯ৰ ডিচেম্বৰৰ পূর্বেই চহৰখনত ক’ভিডৰ প্রাদুর্ভাৱ ঘটিছিল বুলি বিভিন্ন দেশে অনা অভিযোগ অগ্রাহ্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু চীনৰ বিশেষজ্ঞৰ দলে৷

চীনা বিশেষজ্ঞ দলৰ মুৰব্বী লিয়াং ৱানিৱানে উল্লেখ কৰিছে যে ২০১৯ৰ ডিচেম্বৰৰ পূর্বে ৱুহানত ছাৰছ–ক’ভিড–২ ভাইৰাছৰ জনসাধাৰণৰ মাজলৈ সংক্রমণ ঘটাৰ কোনো তথ্য নাই৷ অর্থাৎ ক’ভিড মহামাৰীত ২০১৯ৰ ডিচেম্বৰৰ পূর্বে কোনো লোক ৱুহানত আক্রান্ত হোৱাৰ প্রামাণিক তথ্য নাই বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ লগতে চীনা চিকিৎসা বিশেষজ্ঞই৷

ৱুহানত বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনৰ বিশেষজ্ঞই যৌথভাৱে ক’ভিডৰ সংক্রমণৰ উৎস বিচাৰি তদন্ত চলাইছিল যদিও আমেৰিকা তথা ইউৰোপৰ বিভিন্ন দেশে অভিযোগ কৰা ধৰণে ৱুহানত চীনে ঘোষণা কৰাৰ বহু পূর্বেই মহামাৰীৰ সংক্রমণ ঘটাৰ কোনো প্রামাণিক তথ্য নাপালে৷ চীনা বিশেষজ্ঞ লিয়াং ৱানিৱানে আজি এক সংবাদ মেলত এই কথা ঘোষণা কৰিছে যদিও তাৎক্ষণিকভাৱে বিষয়টোক লৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই আমেৰিকাই৷

You might also like