নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত দুর্ঘটনাগ্রস্ত কামাখ্যামুখী নর্থ–ইষ্ট এক্সপ্রেছ

🔹 ৬টা দবা লাইনচ্যুত, অসমৰ বহু যাত্রী আছিল দুর্ঘটনাগ্রস্ত ৰে’লখনত

বিশেষ বাৰ্তা, ১২ অক্টোবৰ : দিল্লীৰ পৰা কামাখ্যা অভিমুখী ১২৫০৬ নম্বৰৰ নর্থ–ইষ্ট এক্সপ্রেছখন কালি নিশা প্রায় ৯.৩০ বজাত বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰত দুর্ঘটনাত পতিত হয়৷ বাতৰি লিখা পৰলৈকে বহু লোক হতাহত হোৱাৰ বাতৰি পোৱা গৈছে৷ ৰে’ল বিভাগৰ এটা সূত্রই জনোৱা মতে, দুর্ঘটনাটোত হতাহতৰ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই৷ ইয়াৰ বিপৰীতে দুর্ঘটনাত পতিত ৰে’লখনৰ যাত্রীসকলক উদ্ধাৰ তথা প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবে ইতিমধ্যে নিৰাপত্তা বাহিনী, স্থানীয় আৰক্ষীৰ দল নিয়োগ কৰা হৈছে৷ তদুপৰি যাত্রীক উদ্ধাৰৰ অর্থে এনডিআৰএফ আৰু এছডিআৰএফৰ দলো ঘটনাস্থলীলৈ প্রেৰণ কৰা হৈছে৷ জানিব পৰা মতে, ৰে’লখন পাটনাৰ পৰা অসম অভিমুখে আহি থাকোঁতে ৰঘুনাথপুৰ ষ্টেচন পোৱাৰ লগে লগে হঠাতে দুর্ঘটনাত পতিত হয়৷ দুর্ঘটনাগ্রস্ত ৰে’লখনৰ ৫টা দবা লাইনচ্যুত হোৱাৰ লগতে এটা দবা ৰে’লপথৰ পৰা উফৰি পৰে৷ লগে লগে ৰে’লখনৰ যাত্রীৰ মাজত হাহাকাৰ লাগে৷ হঠাতে সংঘটিত ঘটনাটোত দিশহাৰা হৈ যাত্রীসকলে ইফালে–সিফালে দৌৰাদৌৰি আৰম্ভ কৰে৷ তদুপৰি একাংশ যাত্রী আহত হোৱা বুলিও খবৰ পোৱা গৈছে৷ অৱশ্যে হতাহতৰ সঠিক তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ ইপিনে, দুর্ঘটনাৰ খবৰ পোৱা মাত্রকে সমীপৱর্তী দানাপুৰৰ পৰা ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়৷ তেওঁলোকে ৰঘুনাথপুৰত উপস্থিত হৈ দুর্ঘটনাটোৰ কাৰণ সম্পর্কে তদন্ত আৰম্ভ কৰাৰ লগতে আহত যাত্রীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰে৷ ৰে’ল বিভাগে যাত্রী তথা যাত্রীৰ আত্মীয়ৰ সুবিধার্থে কেইবাটাও হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি পিএনবিই হেল্পলাইন নম্বৰ ৯৭৭১৪৪৯৯৭১, ডিএনআৰ হেল্পলাইন নম্বৰ ৮৯০৫৬৯৭৪৯৩, চি’এমএমচিএমএল ৭৭৫৯০৭০০০৪ আৰু আৰা হেল্পলাইন নম্বৰ ৮৩০৬১৮২৫৪২ৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, কামৰূপ জিলা প্রশাসনৰ তৰফৰ পৰা ৯৩৬৫৪২৯৩১৪ নম্বৰত এটা হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে৷ দুর্ঘটনাৰ সময়ত ৰে’লখনৰ গতিবেগ প্রতিঘণ্টাত ১২৮ কিলোমিটাৰ আছিল বুলি জানিব পৰা গৈছে৷ ইফালে, ঘটনাৰ বাতৰি প্রচাৰ হোৱাৰ লগে লগে অসমত উদ্বিগ্ণতাৰ সৃষ্টি হৈছে৷ কিয়নো নতুন দিল্লীৰ পৰা কামাখ্যা অভিমুখী ৰে’লখনত অসমৰ যাত্রী সর্বাধিক আছিল বুলি ৰে’ল বিভাগৰ সূত্রটোৱেও জনাইছে৷ তেওঁলোকৰ অৱস্থাক লৈ পৰিয়ালৰ লগতে আত্মীয়–স্বজনৰ মাজত উদ্বিগ্ণতা তথা দুঃচিন্তা উদ্ভৱ হৈছে৷

You might also like