অভাৱনীয়ভাৱে বৃদ্ধি পাব জলপৃষ্ঠৰ উচ্চতাঃ মহাসাগৰে গৃহহীন কৰিব ৪১ কোটি লোকক
নিয়মীয়া বাৰ্তা ২ জুলাইঃ গ্রীন হাউছ গেছ নিঃসৰণ হ্রাস কৰাটো সম্ভৱ নহ’লে ৮০ বছৰৰ ভিতৰত মহাসাগৰ তথা সমুদ্র উপকূলৱর্তী ৪১ কোটি মানুহ পানীৰ তলত ডুবিব লাগিব৷ মহাসাগৰ আৰু সমুদ্রৰ জলপৃষ্ঠ ক্রমবর্ধমান গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অভাৱনীয় হাৰত উঠি আহিব৷ ফলত সমুদ্র উপকূলত বাস কৰা লোকসকলৰ বাসস্থান হৈ পৰিব পানীৰ ১০ ফুট বা ১৫ ফুট তলত৷ অর্থাৎ ৪১ কোটি লোক ৮০ বছৰৰ ভিতৰত সমুদ্র প্রান্তৰ পৰা আঁতৰিবলগীয়া হ’ব৷ মহাসাগৰ আৰু সমুদ্র উপকূলৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱাৰ ফলত আটাইতকৈ বেছি বিপদৰ সন্মুখীন হ’ব ইণ্ডোনেছিয়াৰ জনসাধাৰণ৷
সমুদ্র পৃষ্ঠৰ ওচৰতে থকা দেশসমূহৰ ৬২ শতাংশ স্থলভাগ সমুদ্র বা মহাসাগৰৰ গর্ভত বিলীন হৈ যাব৷ অর্থাৎ এই অঞ্চলসমূহৰ জনসাধাৰণ ভয়ংকৰ সংকটৰ সন্মুখীন হ’ব৷ আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেছাৰ কমিউনিকেচন’ত প্রকাশ পাইছে এই উদ্বেগজনক তথ্য৷ স্মর্তব্য যে এনে পৰিঘটনাৰ ফলত অকল এছিয়াৰে ৫৯ শতাংশ লোক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব৷