দুসপ্তাহতে বজাৰত মুকলি হ’ব ৰাছিয়াৰ ভেকচিন
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে উদ্বেগ প্রকাশ কৰি থকা সত্ত্বেও ৰাছিয়াই আগন্তুক দুই সপ্তাহৰ ভিতৰতে ক’ভিড–১৯ৰ ভেকচিন বজাৰত মুকলি কৰি দিয়াৰ সংকল্প গ্রহণ কৰিছে৷ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে ৰাছিয়াৰ এই ভেকচিন ‘স্পুটনিক–ফাইভ’ নিৰাপদ নহয় বুলি আশংকা প্রকাশ কৰাৰ পাছতে ৰাছিয়াৰ বিশেষজ্ঞ চিকিৎসক একাংশই এই আশংকা ভিত্তিহীন বুলি উল্লেখ কৰিছে৷
স্মর্তব্য যে মস্কো প্রশাসনে এই ভেকচিনবিধক অনুমোদন জনাইছে যদিও বিশ্ব স্বাস্থ্য সংস্থাই স্পুটনিক–ফাইভ সন্দর্ভত আশংকা থকা বুলি ঘোষণা কৰিছে৷ কালি ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ক’ভিড–১৯ৰ ভেকচিন প্রস্তুত কৰা প্রথমখন দেশ হিচাপে ৰাছিয়া চিহ্ণিত হোৱা বুলি উল্লেখ কৰাৰ উপৰি ভেকচিনবিধত চৰকাৰৰ অনুমোদনো জনাইছিল৷ পুটিনৰ দুহিতাক ইতিমধ্যে এই ভেকচিন প্রদান কৰা হৈছে৷
স্মর্তব্য যে ভেকচিনৰ ক্লিনিকেল পৰীক্ষাৰ মাত্র ১০ শতাংশ সফল হৈছে৷ গতিকে পুটিনে এই ভেকচিনবিধ বিশ্বৰ বজাৰত মুকলি কৰি ৰাছিয়াৰ সন্মানৰ প্রতি প্রত্যাহ্বান কঢ়িয়াই অনা বুলিও একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে৷