নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন সাংসদৰ দাবীঃ আইএছআইৰ সহযোগত আফগানিস্তান দখল তালিবানৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: আফগানিস্তান তালিবানে পুনৰ দখলৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে৷ মার্কিন কংগ্রেছৰ এগৰাকী সদস্যই দাবী কৰা অনুসৰি তালিবানসকলক বিশ্বৰ নজৰৰ পৰা গোপনে ৰাখিবলৈ নিৰাপদে শক্তি বৃদ্ধিৰ ক্ষেত্রত ইন্ধন যোগাইছিল পাকিস্তানে৷ ইয়াৰ বাবে যোৱা ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ লগে লগে পাকিস্তানৰ কেইবাগৰাকীও শীর্ষ চৰকাৰী বিষয়ববীয়াই উল্লাস প্রদর্শন কৰিছিল৷

তালিবানৰ হাতত আফগানিস্তানৰ জনসাধাৰণৰ ভৱিষ্যৎ অন্ধকাৰ বুলি জানিও পাকিস্তানে তালিবানৰ উত্থানত আনন্দ প্রকাশ কৰাটো লজ্জাজনক বুলি মন্তব্য কৰিছে ৰিপাব্লিকান পার্টীৰ সদস্য ষ্টিভ চাবোৱে৷ ৰিপাব্লিকান কংগ্রেছ প্রতিনিধিগৰাকীৰ মতে আই এছ আই আৰু পাক চৰকাৰে সহায়–সহযোগিতা আগ নবঢ়ালে তালিবানে ইমান সোনকালে পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰিবলৈ সক্ষম নহ’লহেঁতেন৷

You might also like