নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুৰস্কৰ সাৰ কোম্পানীয়ে পালে ৯৯ টনৰ স্বর্ণভাণ্ডাৰ

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ তুৰস্কৰ সাৰ প্রস্তুতকাৰী কোম্পানী গুবাৰটাছ আৰু দেশৰ এগ্রিকালচাৰ ক্রেডিট কো–পাৰেটিভছৰ মুৰব্বী ফাহৰেটিন পয়ৰাজে বৃহৎ স্বর্ণভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ দেশখনৰ সংবাদ সংস্থা আনাড’লুৱে উল্লেখ কৰা অনুসৰি মাটিৰ তলত উদ্ধাৰ হোৱা এই সোণৰ পৰিমাণ হৈছে ৯৯ টন৷

মার্কিন ডলাৰ হিচাপত ইয়াৰ মূল্য ৬০০ কোটি ডলাৰ৷ ভাৰতীয় টকাৰ হিচাপত এই সোণৰ মূল্য ৪৪ হাজাৰ কোটিতকৈও বেছি৷ লক্ষণীয়ভাৱে বিশ্বৰ কেইবাখনো দেশৰ মুঠ জিডিপিৰ পৰিমাণতকৈও তুৰস্কত উদ্ধাৰ হোৱা সোণৰ মূল্য অধিক হ’ব৷ ৱর্ল্ড’মিটাৰৰ তথ্য অনুসৰি মালদ্বীপৰ জিডিপি হৈছে ৪৮৭ কোটি ডলাৰ৷ সেইদৰে লাইবেৰিয়াৰ জিডিপিৰ পৰিমাণ হৈছে ৩২৯ কোটি ডলাৰ, ভূটানৰ মুঠ জিডিপি ২৫৩ কোটি ডলাৰ৷ অর্থাৎ তুৰস্কত উদ্ধাৰ হোৱা এই সোণৰ মূল্য ২–৩খন দেশৰ মুঠ জিডিপিৰ সমান হিচাপে চিহ্ণিত হৈছে৷ দেশখনত মধ্য–পশ্চিম প্রান্তৰ অঞ্চল ছ’গুত উদ্ধাৰ হৈছে এই স্বর্ণভাণ্ডাৰ৷

You might also like