চিলিত বিশ্বৰ প্রাচীনতম জীৱন্ত কনিফাৰ গছৰ সন্ধান
নিয়মীয়া বাৰ্তা, ৮ জুন: পৃথিৱীৰ আটাইতকৈ পুৰণি বৃক্ষৰ সন্ধান পোৱা গৈছে৷ শেহতীয়াকৈ লেটিন আমেৰিকান ৰাষ্ট্র চিলিৰ এদল উদ্ভিদ বিজ্ঞানীয়ে এই দাবী কৰিছে৷ বিজ্ঞানীৰ দলটোৱে দাবী কৰা অনুসৰি ‘গ্রেট–গ্রেণ্ডফাদাৰ’ হিচাপে পৰিচিত ৪ মিটাৰ ব্যাসৰ কাণ্ডৰ কনিফাৰ গছজোপা বিশ্বৰ প্রাচীনতম জীৱন্ত গছ হ’ব পাৰে৷ পেৰিছৰ ‘ক্লাইমেট এণ্ড এনভায়ৰনমেণ্টেল ছায়েন্স লেব’ৰেটৰী’ত কর্মৰত চিলিৰ বিজ্ঞানী জ’নাথন বেৰিচিভিচৰ নতুন গৱেষণাত এই তথ্য তুলি ধৰা হৈছে৷ জ’নাথনৰ মতে, এই বিশালকায় মহাবৃক্ষৰ আনুমানিক বয়স ৫,৪৮৪ বছৰ৷ যদি এয়া সত্য বুলি প্রমাণিত হয় তেন্তে এই বৃক্ষ মানৱ সভ্যতাৰ বহু স্মাৰকৰ জীৱন্ত সাক্ষী৷ চকা আৱিষ্কাৰৰ পৰা আধুনিক মানৱ সভ্যতাৰ মহাকাশ যাত্রালৈকে সকলোৰে সাক্ষী হৈছে এই গছজোপা৷ আনকি ইজিপ্তৰ মামী যুগৰ সাক্ষীও আছিল এই গছজোপা৷ এই গছজোপা হৈছে পেটাগনিয়ান ছাইপ্রেছ প্রজাতিৰ গছ৷ ইয়াৰ বৈজ্ঞানিক নাম ফিটজৰোৱা কুপ্রেছয়েডছ৷ স্পেনিছ ভাষাত ইয়াক আলিয়াৰ মিলেনাৰিও নামেৰেও জনা যায়৷ চিলি আৰু আর্জেণ্টিনাত প্রথম পোৱা গৈছিল কনিফাৰ গছ৷ এই গছবিধ ‘জায়াণ্ট চিকোয়াছ’ আৰু ‘ৰেডউডছ’ গছৰ দৰে কুপ্রেছেছিয়া প্রজাতিৰ অন্তর্ভুক্ত৷ অবিশ্বাস্যভাৱে বৃদ্ধি পোৱা এই গছবোৰ ৪৫ মিটাৰ পর্যন্ত ওখ হ’ব পাৰে৷ জ’নাথনে শৈশৱৰ পৰা চিলিৰ এই গছজোপাৰ কথা শুনি আহিছে৷ বহু বিশেষজ্ঞই ইয়াক লৈ গৱেষণাও কৰিছে৷ ২০২০ চনত এই গছজোপাৰ দেহৰ বিভিন্ন নমুনা সংগ্রহ কৰি ইয়াৰ বয়স নিৰূপণৰ চেষ্টা চলায় জ’নাথনে৷ তেতিয়াই অবিশ্বাস্য এই তথ্য পোহৰলৈ আহিছে৷