নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বিগ্ন জীৱপ্রেমী : উৰুগুৱেৰ উপকূলত সহস্রাধিক মৃত পেংগুইন

বিশেষ বাৰ্তা, ২৩ জুলাই : উৰুগুৱেৰ পশ্চিম প্রান্তৰ উপকূলত বিগত ১০ দিন ধৰি মৃত পেংগুইন ভৰি পৰিছে ৷ তথ্য মতে, ২,০০০তকৈ অধিক মৃত পেংগুইন উপকূলত প্রত্যক্ষ কৰাৰ পিছতে জীৱপ্রেমীৰ মাজত উদ্বিগ্ণতা বৃদ্ধি পাইছে ৷ স্থানীয় প্রশাসনে কি কাৰণত মৃত পেংগুইন সাগৰৰ পাৰলৈ উটি আহিছে, সেই সন্দর্ভত কোনো কাৰণ স্পষ্ট কৰিব পৰা নাই ৷ ৰহস্যঘন স্থিতি এটাৰ সৃষ্টি হৈছে ৷ আটলাণ্টিক মহাসাগৰত এই মৃত পেংগুইনৰ অধিকাংশই অর্থাৎ ৯০ শতাংশই যুৱ৷ উৰুগুৱেৰ পৰিৱেশ মন্ত্রালয়ৰ অধীনৰ জীৱকুল বিভাগৰ মুৰব্বী কাৰমেন লেইজাগৱেনে প্রকাশ কৰা মতে, আটলাণ্টিক মহাসাগৰত মৃত এই পেংগুইনবোৰ উৰুগুৱেৰ উপকূললৈ উটি আহিছে৷ পানীত মৃত্যু ঘটা এই যুৱ পেংগুইনবোৰৰ সংৰক্ষিত চর্বি আৰু উদৰ খালী হৈ আছে৷ মুৰব্বী লেইজাগৱেনে প্রকাশ কৰা মতে, পেংগুইনৰ মৃত্যু স্বাভাৱিক বুলি ধৰা হয় যদিও এনে বিশাল পৰিমাণত মৃত্যু হোৱাটো ৰহস্যঘন ৷ বিগত বর্ষত ব্রাজিলত এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল ৷

You might also like