ক’ৰোনাৰ বাবে ব্রিটেইনত তিনি হাজাৰ ভাৰতীয় ৰেষ্টুৰেণ্ট হ’ব বন্ধ
নিয়মীয়া বাৰ্তা, ৪ জুন: মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বলৱৎ লকডাউনৰ নেতিবাচক প্রভাৱত গ্রেট ব্রিটেইনত থকা তিনি হাজাৰ ভাৰতীয় ৰেষ্টুৰেণ্ট বন্ধ হ’ব৷ দেশখনত থকা ভাৰতীয় চেফ সুনীল কুমাৰে প্রকাশ কৰা মতে, লকডাউনৰ পূর্বে প্রতিদিনে ১০ হাজাৰ ইউৰ’ উপার্জন কৰা ৰেষ্টুৰেণ্টৰ অধিকাংশ বন্ধ হোৱাৰ দিশে আগবাঢ়িছে৷
লকডাউন খোলাৰ পিছত প্রতিদিনে মাত্র এক হাজাৰ ইউৰ’ উপার্জন হয়৷ এনে ৰেষ্টুৰেণ্টসমূহ সংকটত পৰিছে৷ দশক দশক ধৰি ব্রিটিছ সংস্কৃতিত ভাৰতীয় ৰেষ্টুৰেণ্ট উদ্যোগে বৃহৎ অৰিহণা আগবঢ়াই আহিছে৷ প্রায় ৯ হাজাৰ ভাৰতীয় ৰেষুটৰেণ্ট আছে দেশখনত৷ চাৰি বিলিয়ন ইউৰ’ৰ উদ্যোগটোত ১০ সহস্রাধিক লোক কর্মৰত হৈ আছে৷ ৯ হাজাৰ ভাৰতীয় ৰেষ্টুৰেণ্টৰ ভিতৰত ৩ হাজাৰ বন্ধ হোৱাটো নিশ্চিত৷
কিয়নো, সম্প্রতি এখন ৰেষ্টুৰেণ্টত ২০ৰ পৰা ৩০জন লোককহে প্রৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে৷ তদুপৰি ক’ৰোনা ভাইৰাছৰ প্রতি মনত উদ্ভৱ হোৱা শংকাই ৰেষ্টুৰেণ্টক লৈ গ্রাহকৰ মাজত অনীহা বৃদ্ধি পাইছে৷ বিক্রী হ্রাস পোৱাৰ বিপৰীতে ৰেষ্টুৰেণ্টসমূহৰ ঘৰৰ ভাৰাৰ পৰিমাণ অধিক সেয়েহে এনে ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হৈছে ভাৰতীয় ব্যৱসায়ী৷