নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-পাক মেচৰ টিকট ক্রয় ২০ লাখত

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ এদিনীয়া বিশ্বকাপৰ আহমেদাবাদত অনুষ্ঠিত হ’ব লগা ভাৰত আৰু পাকিস্তানৰ মাজৰ হাই ভ’ল্টেজ মেচখনৰ টিকটৰ মূল্যই সর্বসাধাৰণৰ চকু কপালত তুলিছে৷ আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ ছাউথ প্রিমিয়াম ৱেষ্ট বে’ৰ এটা টিকট খেলৰ টিকটৰ গ্ল’বেল অনলাইন সংস্থা ভিয়াগ’গ’ৰ পৰা ১৯,৫১,৫৮০ টকাত ক্রয় কৰিছে৷ ইয়াৰ বিপৰীতে বুক মাই শ্ব’ৰ জৰিয়তে অন্য টিকটসমূহ এক মিনিটৰ ভিতৰতে বিক্রী হৈছে৷ অৱশ্যে ভিয়াগ’গ’ৰ হাতত এতিয়াও ১০০টা টিকট আছে৷ উল্লেখ্য যে আহমেদাবাদৰ মেচখনৰ বাবে ভিয়াগ’গ’ৰ টিকটৰ মূল্য ৬৬ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে আৰু এই মূল্য ১৯ লাখ টকাত সমাপ্ত হৈছে৷ ইপিনে, ভাৰত আৰু ইংলেণ্ডৰ মাজত লক্ষ্ণৌত অনুষ্ঠিত হ’ব লগা টিকটৰ মূল্য ২,৩৪,৬৩২ টকাৰ পৰা আৰম্ভ হৈছে৷ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখনৰ ইষ্ট ষ্টেণ্ডৰ টিকটৰ মূল্য ৩৮,৮৭৭ টকাৰ পৰা আৰম্ভ হৈছে৷ আনহাতে, এই কেটেগ’ৰীৰ টিকটৰ মূল্য হৈছে ২,৩৪,৬২২ টকা৷ ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’ব লগা চেন্নাইৰ মেচখনৰ টিকটৰ মূল্য ৩১,৩৪০ টকাৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ সর্বোচ্চ মূল্য হৈছে ৯,৩১,২৯৫ টকা৷ উল্লেখ্য যে ভিয়াগ’গ’–এ টিকটসমূহ হোম ডেলিভাৰী দিয়াৰো ব্যৱস্থা কৰিছে৷ তেওঁলোকে ইয়াৰ বাবে ৪০০ টকাৰ ন্যূনতম মূল্য ধার্য কৰিছে৷

You might also like