জিনপিং চৰকাৰৰ মুখপত্রৰ স্বীকাৰঃ ক্ষতিগ্রস্ত হ’ব বাণিজ্যিক সম্পর্ক
নিয়মীয়া বাৰ্তা, ২১ জুনঃ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ প্রতিশোধকল্পে ভাৰতে ঘোষণা কৰা ‘অর্থনৈতিক যুদ্ধ’ই সংকটত পেলাব চীনক৷ বিশেষকৈ বিনিয়োগ–ৰপ্তানিৰ বজাৰত সম্ভাব্য ক্ষতিৰ সন্মুখীন হোৱাৰ বিষয়টো স্বীকাৰ কৰি লৈছে ঝি জিনপিং চৰকাৰৰ মুখপত্র ‘গ্ল’বেল টাইম্ছ’–এ৷
অকল স্বীকাৰ কৰি লোৱাই নহয়, বর্তমানৰ পৰিস্থিতিত ‘গ্ল’বেল টাইমছ’ৰ তৰফৰ পৰা চীনা বিনিয়োগকাৰীক সতর্ক কৰি দিয়া হৈছে৷ চীন চৰকাৰৰ মুখপত্রখনত শেহতীয়াকৈ প্রকাশিত এক প্রতিবেদনত স্পষ্টভাৱে কোৱা হৈছে– ‘সীমান্তৰ সংঘাতক কেন্দ্র কৰি জাতীয়তাবাদী ভাবাৱেগেৰে উদ্বুদ্ধ হৈ পৰিছে ভাৰতবাসী৷ সম্প্রতি ভাৰতত চীনবিৰোধী মনোভাব ক্রমশঃ বৃদ্ধি পাব ধৰিছে৷ এই মুহূর্তত উদ্ভৱ হোৱা পৰিস্থিতিত দুয়োখন দেশৰ দ্বিপাক্ষিক, অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ক যে ক্ষতিগ্রস্ত হ’ব, সেয়া অস্বীকাৰ কৰাৰ উপায় নাই৷ ভাৰতত চীনবিৰোধী এনে মনোভাব কিছুদিনলৈ স্থায়ী হ’ব৷
অৱশ্যে চীনা সংস্থাসমূহে হাত সাবটি বহি থাকিব নালাগে৷ পৰিস্থিতি শান্ত নোহোৱা পর্যন্ত অপেক্ষা কৰিব লাগিব৷ সম্ভৱ হ’লে এতিয়াৰে পৰা বহুমুখী বিনিয়োগক লৈ চিন্তা–ভাবনা কৰিব লাগিব বিনিয়োগকাৰীসকলে৷ বিকল্প বজাৰৰ সন্ধান কৰিব লাগিব৷’ অৱশ্যে ভাৰত আৰু চীন উভয় দেশে উত্তেজনা প্রশমনত আগ্রহ দেখুওৱাৰ কথাও ‘গ্ল’বেল টাইমছ’ত উল্লেখ কৰা হৈছে৷ এই প্রসংগত কোৱা হৈছে যে চীনা নাগৰিক আৰু সংস্থাসমূহৰ নিৰাপত্তাৰ বিষয়টোত নিজৰ দেশত ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে গ্রহণ কৰা উচিত৷
সেয়া নহ’লে, বিশেষকৈ চীনবিৰোধী চিন্তা–ভাবনাত লেকাম নলগালে পৰিস্থিতিয়ে বিষম ৰূপ ধাৰণ কৰিব পাৰে৷ ফলত বিশ্ব বজাৰত ভাৰতৰ ভাবমূর্তিৰ ওপৰত পৰিব পাৰে বিৰূপ প্রভাৱ৷ পৰিণতিত বিদেশী সংস্থাসমূহে ভাৰতৰ বিকল্প হিচাপে দক্ষিণ–পূব এছিয়াত বিকল্প বজাৰৰ সন্ধান কৰিব৷ এনেধৰণৰ বিষয়ৰ ওপৰত বিবেচনা কৰিলে দুয়োখন দেশেই লাভৱান হ’ব বুলিও কোৱা হৈছে ‘গ্ল’বেল টাইম্ছ’ত৷