নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰাছ প্রতিৰোধী টাস্ক ফ’চ ভংগৰ সিদ্ধান্ত ট্রাম্পৰ

নিয়মীয়া বাৰ্তা,  ৭ মে’ : মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে গঠন কৰা টাস্ক ফ’চ শীঘ্রে ভংগ কৰিব ড’নাল্ড ট্রাম্পে৷ আৰিজ’না প্রদেশত এক ফেচ মাস্ক প্রস্তুত কাৰখানা পৰিদর্শনৰ সময়ত ট্রাম্পে এই কথা ঘোষণা কৰিছে৷

আমেৰিকাক পুনৰ ওভতাই আনিব লাগে বুলি যুক্তি দর্শাই ট্রাম্পে কয় যে ক’ৰোনা টাস্ক ফ’চ এতিয়া আৰু অপ্রয়োজনীয় হৈ পৰিছে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে উপ–ৰাষ্ট্রপতি মাইক পেন্সো৷ দেশখনৰ স্বাস্থ্য বিষয়াসকলে ভাইৰাছবিধে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি সতর্কবাণী কৰিছে যদিও ট্রাম্পে বাণিজ্যিক প্রতিষ্ঠানবোৰ মুকলিৰ ক্ষেত্রত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ লৈছে৷ স্মর্তব্য যে আমেৰিকাত প্রতিদিনে গড়ে ২০ হাজাৰকৈ লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ উপৰি এহাজাৰ লোকে দৈনিক প্রাণ হেৰুৱাইছে৷

এতিয়ালৈকে দেশখনত ১২ লক্ষাধিক লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ৭০ সহস্রাধিকে৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা নিউয়র্কত শেহতীয়াকৈ আক্রান্ত লোকৰ সংখ্যা হ্রাস পাবলৈ লৈছে৷ কিন্তু ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধৰ বাবে থকা বিভিন্ন নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ লগে লগে অন্যান্য প্রান্তত ইয়াৰ দ্রুত বিস্তাৰ ঘটিছে৷ বাল্টিম’ৰৰ জন হপকিনছ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ট্রাম্পে ক’ৰোনা প্রতিৰোধী টাস্ক ফ’চ ভংগ কৰি দিলে দেশখনত ভাইৰাছবিধে নতুনকৈ ৰকেটৰ গতিত সংক্রমণ আৰম্ভ কৰিব৷

You might also like