নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমধ্য সাগৰৰ জলৰাশিত পুনৰ তুৰস্কৰ জাহাজ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ভূমধ্য সাগৰৰ বিবদমান জলৰাশিত তেল, প্রাকৃতিক গেছ তথা অন্যান্য খনিজ সম্পদৰ সন্ধানৰ ক্ষেত্রত আংকাৰা প্রশাসনে গ্রহণ কৰা নীতিক লৈ গ্রীচকে ধৰি কেইবাখনো ইউৰোপীয় দেশে প্রতিক্রিয়া প্রকাশ কৰি আছে যদিও এইক্ষেত্রত তুৰস্কৰ ৰাষ্ট্রপতি এর্ডোগান নিজৰ স্থিতিত অটল হৈ আছে৷

শেহতীয়াকৈ তুৰস্কৰ নৌসেনাই পুনৰ এখন জাহাজ বিবদমান জলৰাশিলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে আগষ্ট মাহত তুৰস্কই একপক্ষীয়ভাৱে ভূমধ্য সাগৰৰ জলৰাশিত খনিজ সম্পদৰ সন্ধান কৰাৰ বাবে অভিযান আৰম্ভ কৰাৰ লগে লগে উত্তপ্ত হৈছিল গ্রীচ৷ এই বিবদমান জলৰাশিত নিজৰ আধিপত্য দাবী কৰি আহিছে গ্রীচ–তুৰস্ক আৰু চাইপ্রাছে৷ আনকি ফ্রান্স–জামার্নী আদি দেশেও তুৰস্কৰ একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ জনাই অঞ্চলটোত সামৰিক নিৰীক্ষণৰ ব্যৱস্থা গঢ়ি তুলিছিল৷ পুনৰ তুৰস্কই অনুৰূপ সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে স্বাভাৱিকতেই কঠোৰ প্রতিক্রিয়া প্রকাশ কৰিছে গ্রীচে৷

You might also like