টুইটাৰৰ নতুন চিইঅ’ এলান মাস্কৰ পোহনীয়া কুকুৰ ‘ফ্লকী’
বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ টুইটাৰ ক্রয়ৰ পৰা কর্মচাৰী চাটাইলৈকে বিতর্কৰ মাজত সোমাই পৰা বিশ্বৰ ১ নম্বৰ ধনাঢ্য ব্যক্তি এলন মাস্কে অৱশেষত টুইটাৰৰ নতুন চি ই অ’ৰ নাম ঘোষণা কৰিলে৷ নতুন চি ই অ’ হিচাপে মানৱ নহয়, কুকুৰক নিযুক্তি দি এলন মাস্কে আন এক চমক সৃষ্টি কৰিলে৷ টুইটাৰৰ নতুন চি ই অ’ হ’ব মাস্কৰ পোহনীয়া কুকুৰ ‘ফ্লকী’৷ স্বত্বাধিকাৰী মাস্কে আজি চি ই অ’ৰ আসনত টুইটাৰৰ লগ’ সম্বলিত ক’লা টি–ছার্ট পিন্ধনৰত ফ্লকীক বহুৱাই সমুখত চি ই অ’ বুলি লিখি আলোকচিত্র প্রচাৰ কৰিছে৷ মাস্কৰ পোহনীয়া শিৱা ইনু ফ্লকীয়ে পূর্বৰ চি ই অ’ পৰাগ আগৰৱালতকৈ শ্রেষ্ঠতৰ চি ই অ’ হিচাপে কার্যনির্বাহ কৰিব৷ উল্লেখ্য যে ছ’চিয়েল মিডিয়া কোম্পানী টুইটাৰ ৪৪ বিলিয়ন মার্কিন ডলাৰেৰে ক্রয় কৰাৰ পাছতেই স্বত্বাধিকাৰী মাস্কে চি ই অ’ৰ পৰা পৰাগ আগৰৱালক আঁতৰ কৰিছিল৷ চি ই অ’ৰ আসনত ফ্লকীক বহুৱাই সমুখৰ টেবুলত কিছুসংখ্যক নথি–পত্রও ৰখা হৈছে৷