কাবুলত বিমানৰ পৰা পৰি মৃত্যু হোৱা দুই যুৱক আছিল সহোদৰ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ কাবুলৰ পৰা বিমানৰ চকাত ধৰি দেশ এৰি পলায়ন কৰিব বিচৰা দুই যুৱকৰ মাজ আকাশৰ পৰা পৰি মৃত্যু হৈছিল৷
শেহতীয়াকৈ মৃত্যু হোৱা এই দুই যুৱকৰ পৰিচয় উদ্ধাৰ হৈছে৷ দুয়োজন যুৱক আছিল সহোদৰ৷ এজনৰ নাম ছফিউল্লা হোটাক আৰু আনজনৰ নাম ফিডা মহম্মদ৷ ছফিউল্লাৰ বয়স ২৫ বছৰ আৰু ফিডাৰ ২০ বছৰ৷ কাবুলৰ পাঘমানৰ বাসিন্দা আছিল দুয়োজন যুৱক৷
দুয়োজন বিমানৰ পৰা পৰি গৈছিল খায়েৰ খানা নামৰ ঠাইৰ এটা ঘৰৰ ছাদত৷ কাবুল বিমানবন্দৰৰ পৰা ১১ কিলোমিটাৰ দূৰৰ এটা ঘৰৰ ছাদত দুই ভাতৃ বিমানৰ পৰা পৰি যোৱাৰ পাছতে তাক প্রত্যক্ষ কৰিবলৈ ছাদৰ ওপৰলৈ উঠি গৈছিল ঘৰখনৰ গৰাকী আৰু তেওঁৰ পত্নী৷ দুয়োজন ভাতৃৰে মৃতদেহৰ বিভিন্ন অংগ–প্রত্যংগ চাৰিওফালে চিটিকি পৰিছিল৷
তেজেৰে ৰাঙলী হৈ পৰিছিল সমগ্র ছাদখন৷ এজন ভাতৃৰ পোছাকত পোৱা গৈছিল পৰিচয় পত্র৷ এনেদৰে দুয়োকে চিনাক্ত কৰাটো সম্ভৱ হৈ উঠে৷