নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ শাসনত ভয়াৱহ হ’ব পৰিস্থিতিঃ আফগানিস্তানত অপুষ্টিৰ গ্রাসত ২০ লক্ষাধিক শিশু

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আফগানিস্তানৰ ক্ষমতা পুনৰ তালিবানৰ দখললৈ যোৱাৰ সময়তেই দেশখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি এক প্রতিবেদনত প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ বিশ্ব খাদ্য আঁচনি (ডব্লিউ এফ পি)য়ে৷ আফগানিস্তানত খাদ্য নিৰাপত্তা আৰু পুষ্টিৰ পৰিস্থিতিৰ পর্যালোচনাৰ বাবে থকা ৰাষ্ট্রসংঘৰ সংস্থাই সদৰী কৰা অনুসৰি ভয়াৱহ খাদ্য সংকটৰ কবলত পৰিছে আফগানিস্তান৷

ভইচ অৱ আমেৰিকা (ভিঅ’এ)ৰ প্রতিবেদনৰ উদ্ধৃতি দি সংবাদ সংস্থা এ এন আয়ে সদৰী কৰিছে যে প্রতি তিনিজন আফগান লোকৰ এজন এতিয়া ভয়াৱহ খাদ্য সংকটত পৰিছে৷ এই লোকসকলৰ প্রয়োজনীয় খাদ্য সংগ্রহৰ কোনো পথ নাই৷ ডব্লিউ এফ পিৰ মতে যুদ্ধবিধ্বস্ত দেশখনত দৈনিক নূ্যনতম প্রয়োজনীয় খাদ্য লাভ কৰাত ব্যর্থ হৈছে ১৪ নিযুত, অর্থাৎ এক কোটি ৪০ লাখ লোক৷ ডব্লিউ এফ পিৰ মতে আফগানিস্তানত অপুষ্টিত ভুগি থকা শিশুৰ সংখ্যা ২০ লক্ষাধিক৷ এই শিশুসকলক তাৎক্ষণিকভাৱে পুষ্টিকৰ খাদ্যৰ যোগান নধৰিলে ভয়াৱহ দুর্ভিক্ষৰ চিকাৰ হ’ব শিশুসকল৷ ডব্লিউ এফ পিৰ মুখপাত্র থমছন ফিৰিয়ে উল্লেখ কৰা অনুসৰি আফগানিস্তানৰ জনসাধাৰণে দীর্ঘদিন ধৰি কৃত্রিম তথা প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইয়াৰ ফলত আফগান লোকসকলৰ গৰিষ্ঠসংখ্যকে পৰিয়াল পোহপাল দিব নোৱৰা পৰিস্থিতিৰ সন্মুখীন হৈছে৷

প্রতিবেদন অনুসৰি মাত্র চাৰি বছৰৰ ভিতৰত আফগানিস্তান দ্বিতীয়টো ভয়াৱহ খৰাঙৰ সন্মুখীন হৈছে৷ যাৰ ফলত কৃষিকার্য স্তব্ধ হৈছে দেশখনৰ বিভিন্ন প্রদেশত৷ শেহতীয়াকৈ আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলি ডব্লিউ এফ পিয়ে সতর্কবাণী কৰিছে৷ সংস্থাটোৰ মতে আফগানিস্তানলৈ নজিৰবিহীন মানৱীয় বিপর্যয় আহি আছে৷

You might also like