টিভিৰ লাইভ শ্ব’ত মহিলা সাংবাদিকৰ ক্রন্দন
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ বোমা–বাৰুদৰ আঘাতত বিধ্বস্ত হৈছে বাসগৃহ৷ চকুৰ সন্মুখতে এনে দৃশ্য সংঘটিত হৈছে এগৰাকী সাংবাদিকৰ৷ মৰমৰ ঘৰখন এনেদৰে ভাগি পৰাৰ লগে লগে ক্রন্দনত ভাগি পৰে এই সাংবাদিকগৰাকী৷ টেলিভিছনৰ লাইভ শ্ব’ত দেখিবলৈ পোৱা গৈছে এই শোকাৱহ দৃশ্য৷ মাত্র কেইঘণ্টামান পূর্বে ঘৰটোতে আছিল সাংবাদিকগৰাকী৷ বিবিচিৰ ইউক্রেইনৰ সাংবাদিক ওলগা মালচেভস্কাই লণ্ডনৰ ষ্টুডি’ত এই কথা কৈ চিঞৰি চিঞৰি কান্দিলে৷বিশ্বজুৰি এতিয়া ইয়াৰ ভিডিঅ’ই সৃষ্টি কৰিছে আলোড়ন৷ ইফালে, ৰাছিয়াৰ আগ্রাসনত শোচনীয় অৱস্থা ইউক্রেইনৰ, আনফালে দেশ বচাবলৈ অস্ত্র হাতত তুলি লৈছে সাধাৰণ ইউক্রেইনী নাগৰিকে৷ যুদ্ধই বিধ্বস্ত কৰা দেশখনৰ বহু আৱেগময় ছবি আৰু ভিডি’ ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ হৈছে৷ সাংবাদিক ওলগাৰ ঘৰ বিধ্বস্ত হোৱা ভিডি’ তাৰ অন্যতম হিচাপে চিহ্ণিত হৈছে৷